নিউজ ডেস্ক, ২৫ জুলাই ২০২৪ : এটা আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰসিদ্ধ প্ৰ’বায়োটিক ব্ৰেণ্ড য়াকুল্ট ডেন’ন ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (Yakult Danone India Pvt Ltd) ঘোষণা কৰিছে যে এটা নতুন ভেৰিয়েণ্ট-য়াকুল্ট লাইট মেঙ্গো ফ্লেভাৰ মুকলি কৰি ই নিজৰ সামগ্ৰীৰ খণ্ডটো সম্প্ৰসাৰিত কৰিবলৈ লৈছে। এই উদ্বোধনী অনুষ্ঠানত বলীউড তাৰকা ছানিয়া মালহোত্ৰা, মন্ত্ৰী আৰু ভাৰতত থকা জাপানী দূতাবাসৰ ডেপুটি চিফ অফ মিছন টাকাশী আৰিয়োশি, য়াকুল্ট ডেন’ন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক ইজি আমানো আৰু য়াকুল্ট ডেন’ন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ বিজ্ঞান আৰু নিয়ামক পৰিক্ৰমা বিভাগৰ মুৰব্বী ড০ নীৰজা হাজেলা উপস্থিত থাকি ইয়াৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

য়াকুল্ট লাইট মেঙ্গো ফ্লেভাৰ হৈছে স্বনামধন্য য়াকুল্টৰ এবিধ আনুষংগিক সামগ্ৰী। এই নতুন সামগ্ৰীবিধত আছে মূল তথা প্ৰমুখ য়াকুল্টত থকাৰ দৰেই সমান ৬৫০ কোটি পৰিমাণৰ একেই অনন্য প্ৰ’বায়োটিক, লেক্টোবেচিলাছ কেচেই চিৰোতা (চিৰোতা ৰস)। এই মূল প্ৰ’বায়োটিক পানীয়বিধ ডাঃ মিনোৰু চিৰোটা নামৰ এজন জাপানী চিকিৎসকে আৱিষ্কাৰ কৰিছিল আৰু মানুহৰ পাকস্থলীত জীৱিত অৱস্থাত উপনীত হোৱাৰ ক্ষমতা থকাৰ লগতে প্ৰচুৰ স্বাস্থ্যজনিত উপকাৰিতা প্ৰদান কৰাৰ ক্ষমতা থকা মানৱ-উপযোগী বেক্টেৰিয়াবিধ গ্ৰহণ কৰিবৰ বাবে ডিজাইন কৰা হৈছিল। ১৯০০ চনৰ আৰম্ভণিতে জাপানৰ অপৰ্যাপ্ত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু দৰিদ্ৰতাৰ বাবে হোৱা সংক্ৰমণসমূহৰ ফলত হোৱা শিশুৰ মৃত্যুত দুখিত হৈ তেখেতে ৰোগ আৰু সংক্ৰমণবোৰে দেখা দিয়াৰ পিছত সেইবোৰ নিৰাময় কৰাৰ সলনি প্ৰ’বায়োটিকসমূহৰ শক্তিৰে ৰোগবোৰ প্ৰতিৰোধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেখেতে চিৰোটা ৰস বজাৰত খাদ্য হিচাপে মুকলি কৰি দি নিজৰ এই ধাৰণাটোক মূৰ্ত কৰি তুলিছিল যাতে যিমান পাৰি সিমান অধিক মানুহে জুতিলগা সোৱাদ উপভোগ কৰাৰ লগতে প্ৰ’বায়োটিক বেক্টেৰিয়াটোৰ উপকাৰিতাসমূহ লাভ কৰিব পাৰে।

৯০ বছৰতকৈও অধিক দীঘলীয়া গৱেষণাৰ জৰিয়তে, নিয়মীয়াকৈ সেৱন কৰিলে চিৰোটা ৰসে হজমশক্তি বৃদ্ধি কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে বুলি বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে। ডাঃ চিৰোটাৰ দৰ্শনৰ আধাৰত, য়াকুল্ট কোম্পানীয়ে ভাৰতত অধিক লোকৰ স্বাস্থ্যত অৰিহণা যোগোৱাৰ উদ্দেশ্যে, এবিধ ৰাষ্ট্ৰীয়ভাৱে প্ৰিয়-ফলৰ-সোৱাদযুক্ত সামগ্ৰী য়াকুল্ট লাইট মেঙ্গো ফ্লেভাৰ মুকলি কৰিবলৈ ওলাইছে। য়াকুল্ট লাইট মেঙ্গো ফ্লেভাৰৰ খুচুৰা মূল্য হৈছে ৫ টা বটলৰ এটা পেকেটৰ বাবে ১০০/- টকা, যিটো ২৮ খন ৰাজ্য আৰু ৫ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ খুচুৰা বিপনীত ২৫ জুলাই ২০২৪ তাৰিখৰ পৰা উপলভ্য হ’ব। তাৰোপৰি, য়াকুল্টৰ আছে এক অনন্য হোম ডেলিভাৰী বিক্ৰী চেনেল, য’ত প্ৰায় ৩০০ ‘য়াকুল্ট লেডিজে’ দিল্লী এনচিআৰ, চণ্ডীগড়, জয়পুৰ, মুম্বাই আৰু পুনেত গ্ৰাহকৰ ঘৰলৈ গৈ সামগ্ৰীবোৰ বিতৰণ কৰে। য়াকুল্ট লাইট মেঙ্গো ফ্লেভাৰকে ধৰি য়াকুল্ট সামগ্ৰীসমূহ ই-কমাৰ্চৰ যোগেদিও পোৱা যায়।

য়াকুল্ট লাইট মেঙ্গো ফ্লেভাৰ’ৰ উদ্বোধনীৰ সন্দৰ্ভত মন্তব্য কৰি য়াকুল্ট ডেন’ন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক ইজি আমানোৱে কয়, “য়াকুল্টত, আমাৰ মূল দৰ্শন হৈছে আমাৰ অনন্য প্ৰ’বায়োটিক ৰস “লেক্টোবেচিলাছ কেচেই চিৰোটা ৰস” ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বৰ গ্ৰাহকসকলৰ পাকস্থলীৰ স্বাস্থ্য উন্নত কৰা। ভাৰতত দৈনিক ২ লাখতকৈও অধিক য়াকুল্টৰ বটল সেৱন কৰাৰ যোগেদি, বহুতো পৰিয়ালৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে উপভোগ্য হৈ আমি এটা ঘৰুৱা চিনাকী নাম হৈ পৰিছোঁ। য়াকুল্ট লাইট মেঙ্গো ফ্লেভাৰ মুকলি কৰি, আমি ভাৰতীয় গ্ৰাহকসকলৰ সোৱাদ আৰু প্ৰাথমিকতাসমূহ পূৰণ কৰিবৰ বাবে আমাৰ সামগ্ৰী খণ্ডটো সম্প্ৰসাৰিত কৰি আছোঁ। এই নতুন সামগ্ৰীবিধে আমাৰ ক্লাছিক য়াকুল্টৰ দৰে একেই স্বাস্থ্যজনিত উপকাৰিতাসমূহ বৰ্তাই ৰখাৰ বিপৰীতে ব্যাপকভাৱে জনপ্ৰিয় এক আনন্দদায়ক আমৰ সোৱাদো আগবঢ়াই দিছে। আমাৰ বিশ্বাস এই সংযোজনে আমাৰ গ্ৰাহকসকলক আকৰ্ষণ কৰিব যিসকলে আমৰ সোৱাদ ভাল পায়।”

এই উদ্বোধনী অনুষ্ঠানত মধ্যমণি হৈ, বলীউড অভিনেত্ৰী ছানিয়া মালহোত্ৰাই কয়, “মই এই আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই অতি উৎসাহিত হৈছোঁ। সুস্থিৰতাবিহীন জীৱনশৈলী, নিম্ন মানৰ পৰিপুষ্টি, মানসিক চাপ, পৰ্যাপ্ত টোপনিৰ অভাৱ, প্ৰদূষণ আৰু সাধাৰণতে পাকস্থলীৰ দুৰ্বল স্বাস্থ্যৰ বাবে জীৱনশৈলীৰ বিকাৰসমূহ বৃদ্ধি হোৱাতো অতিশয় উদ্বিগ্নতাৰ বিষয়। মোৰ পাকস্থলী স্বাস্থ্যৱান ৰাখিবলৈ মোৰ দৈনিক প্ৰ’বায়োটিকৰ পালিবোৰ মই নিয়মীয়াকৈ গ্ৰহণ কৰোঁ, আৰু দীৰ্ঘদিন ধৰি এতিয়ালৈকে ইয়াকুল্ট মোৰ আহাৰৰ এক অবিচ্ছেদ্য অংশ হৈ আছে। আজি, কোম্পানীটোৱে য়াকুল্ট লাইট মেঙ্গো ফ্লেভাৰ মুকলি কৰাৰ কথা জানিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ, যাৰ সোৱাদ জুতিলগা আৰু দেহ-মন সতেজ কৰি তোলা। মই নিশ্চিত ই সকলো আম আৰু য়াকুল্ট প্ৰেমীৰ মাজতে জনপ্ৰিয় হৈ উঠিব।”

য়াকুল্ট ডেন’ন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ বিজ্ঞান আৰু নিয়ামক পৰিক্ৰমা বিভাগৰ মুৰব্বী ড০ নীৰজা হাজেলাই লগতে কয় যে লেক্টোবেচিলাছ কেচেই ৰস চিৰোটা (চিৰোটা ৰস) য়াকুল্টৰ বাবে অনন্য, আৰু ভাৰতকে ধৰি সমগ্ৰ বিশ্বত চলোৱা ১০০ ৰো অধিক মানৱ অধ্যয়নৰ দ্বাৰা সমৰ্থিত। প্ৰ’বায়োটিকবোৰ হৈছে অপৰিহাৰ্য কিয়নো ই পাকস্থলীত উপকাৰী বেক্টেৰিয়া বৃদ্ধি কৰে আৰু ক্ষতিকাৰক ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া হ্ৰাস কৰে। এই কাম কৰি, সংক্ৰমণসমূহৰ বিপদাশংকা হ্ৰাস কৰিবলৈ সিবিলাকে খাদ্য খুওব ভালদৰে হজম কৰা, পৌষ্টিক দ্ৰব্যসমূহৰ সঠিক অৱশোষণ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী হোৱাটো সুনিশ্চিত কৰে। নিম্ন মানৰ জীৱনশৈলীৰ লগতে পাকস্থলীত প্ৰ’বায়োটিক বেক্টেৰিয়া হ্ৰাস পোৱাৰ ফলত পাকস্থলীৰ স্বাস্থ্য দুৰ্বল হৈ পৰিব পাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে, বেছিকৈা ভাগৰ লাগিব পাৰে, ভালদৰে ডাঙৰ-দীঘল নহ’ব পাৰে, পুষ্টিহীনতাত ভুগিব পাৰে আৰু বাৰে বাৰে সংক্ৰমণ হ’ব পাৰে। পাকস্থলীটো স্বাস্থ্যৱান ৰাখিবলৈ, বৈজ্ঞানিকভাৱে প্ৰমাণীকৃত প্ৰ’বায়োটিক সামগ্ৰীসমূহৰ জৰিয়তে দৈনন্দিন আহাৰত প্ৰ’বায়োটিক গ্ৰহণ কৰাটো অপৰিহাৰ্য।