নগাঁও, ১৯ নবেম্বৰ, ২০২৫ : অসম অলিম্পিক সন্থা (Assam Olympic Association) আৰু যোগ ফেডাৰেচন অফ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত অসম যোগ সংস্থাই আয়োজন কৰা ২৮ সংখ্যক আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতাখনিৰ যোৱা ১৬ নৱেম্বৰ তাৰিখে সফল সামৰণি পৰে। ১৪ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰ লৈকে ৩ দিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰতিযোগিতাখনি নগাঁও গোপীনাথ দেৱ গোস্বামী বানিজ্য মহাবিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়।

২৮ খন জিলা দলৰ সাত শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট শিক্ষাবিদ তথা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ মৃগাংক শইকীয়াই। উদ্বোধনী অনুষ্ঠানত অসম যোগ সংস্থাৰ অধ্যক্ষ ডাঃ কৃষ্ণ কুমাৰ বৰা, সভাপতি তপন কুমাৰ দাস, জ্যেষ্ঠ উপ-সভাপতি নিত্য শৰ্মা উপ-সভাপতি কমলেশ্বৰ বৰুৱা, বিশিষ্ট সমাজ কৰ্মী বাপন নাথ, মহেশ ৰাৱাট, বিজু শইকীয়া, অনন্ত বৰঠাকুৰ, প্ৰণতি শৰ্মা, মঞ্জুলা লস্কৰকে ধৰি ভালে সংখ্যক ক্ৰীড়া সংগঠক আৰু প্ৰাক্তন খেলুৱৈ উপস্থিত থাকে।

প্ৰতিযোগিতাৰ অন্যতম কাৰ্য্যসূচী অসম যোগ সংস্থাৰ দ্বাৰা ২০১৯ চনৰ পৰা প্ৰৱৰ্তন কৰা লক্ষীকান্ত বৰা সোঁৱৰণী বঁটা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অৰ্জুন নয়ন মণি শইকীয়ালৈ, প্ৰশাসনিক বিষয়ালৈ আগবঢ়োৱা বঁটা নগাঁও গোপীনাথ দেৱ গোস্বামী বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মৃগাংক শইকীয়ালৈ, শ্ৰেষ্ঠ ক্ৰীড়া সংগঠক বঁটা ভাৰ উত্তোলন খেলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠক আৰু পৰিচালক ভৱ জ্যোতি গোস্বামীলৈ, সংস্থাৰ প্ৰতিষ্ঠাপক সম্পাদক ফটিক চন্দ্ৰ শৰ্মা সোঁৱৰণী বঁটা প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ মঞ্জুলা লস্কৰলৈ আৰু লক্ষী কান্ত বৰা সোঁৱৰণী শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা প্ৰণতি শৰ্মা লৈ আগ বঢ়োৱা হয়।

উক্ত অনুস্থানত খেলুৱৈ, উদ্যোক্তাসকলৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সহিতে সহস্ৰাধিক ব্যক্তি উপস্থিত থাকি উস্ম আদৰণি জনায়। প্ৰতিযোগিতাখনিৰ চাব জুনিয়ৰ লৰা শাখাত বজালীৰ অৰ্ণৱ শৰ্মা আৰু ছোৱালীৰ শাখাত দৃশ্না জে আৰ চন্দা, জুনিয়ৰ লৰা শাখাত সন্দীপ শৰ্মা, ছোৱালীৰ শাখাত উদিতা ৰাণী বৰা, চিনিয়ৰ পুৰুষ শাখাত অঙ্কাৰ জ্যোতি নাথ আৰু মহিলা শাখাত ৰেখা যাদবে শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে। উদীয়মান খেলুৱৈ তেজাছ নাথ, আৰিহান চক্ৰৱৰ্ত্তী, সান্নিধ্য সমীৰ হাজৰিকা, ৪৫ উৰ্ধৰ শাখাত বৰ্ষীয়ান খেলুৱৈ বিচিত্ৰা ভুঞাঁলৈ বিশেষ বঁটা আৰু প্ৰতিযোগিতাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ উদিতা ৰাণী বৰালৈ ললিত চন্দ্ৰ হাজৰিকা সোঁৱৰণী বঁটা আগবঢ়োৱা হয়।

উল্লেখ্যযোগ্য যে এই বৰ্ষত শিশু সকলৰ সৰ্বাঙ্গীন বিকাশৰ উদ্দেশ্যে আয়োজন কৰা যোগাসন ক্ৰীয়া প্ৰতিযোগিতাৰ লৰা শাখাত বিশ্বনাথৰ তনয় ৰিহান শৰ্মা আৰু ছোৱালীৰ শাখাত হোজাইৰ ইস্পিতা দেৱীয়ে শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে। অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক প্ৰভাত চন্দ্ৰ বৰাই জনোৱা মতে প্ৰতিযোগিতাৰ পদক সমূহ প্ৰতি বছৰে ললিত চন্দ্ৰ হাজৰিকা সোঁৱৰণত তেখেতৰ সুযোগ্য পুত্ৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া গকুল মোহন হাজৰিকা আৰু তেখেতৰ পৰিয়াল বৰ্গই আগবঢ়াই আহিছে।

আনহাতে শ্ৰেষ্ঠ জিলা দলৰ বঁটা, শ্ৰেষ্ঠ খেলুৱৈ বঁটা আৰু স্মাৰক সমূহ এইবেলি নাথ এন্টাৰপ্ৰাইজ গুৱাহাটী পৰা আগবঢ়াইছে। সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাবে নগাঁৱৰ পশু চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ উৎপল বৰা, এচিয়ান যোগ ৰেফাৰী পশ্চিম বংগৰ মাণিক প্ৰধান, উদয় চেটাৰ্জী আৰু ৰবীন্দ্ৰ নাথ দাস, অসম যোগ সংস্থাৰ কোষাধ্যক্ষ মঞ্জুলা লস্কৰ,যুটীয়া সম্পাদক সমীৰ হাজৰিকা, জ্যেষ্ঠ নাগৰিক ৰুমী বৰা, তানাজী সেনগুপ্ত, এচিয়ান যোগ ৰেফাৰী চিত্তৰঞ্জন বৰা নিজৰা বৰা, জয়া ৰাণী ডেকা শিক্ষাবিদ ৰাতুল নেওগ আৰু ড০ তুলূমণি দেৱী, বিশিষ্ট সমাজকৰ্মী মণিমালা বৰা, প্ৰবীৰ মজুমদাৰ, মুনজিৎ বৰুৱা,বিমল কাকতি, অসিত চক্ৰৱৰ্তী, ৰাষ্ট্ৰীয় যোগ ৰেফাৰী ভাৰ্গৱ কলিতা, সুমন ৰাজবংশী, ৰূপ জ্যোতি কৰ, নমিতা লহকৰ, নবলক্ষী গগৈ, বিনয় তিৱাৰী, অসম যোগ সন্থাৰ সক্ৰিয় সদস্য অচ্যুত কাশ্যপ আৰু পপী দাস শৰ্মা, যোগ থেৰাপীষ্ট ৰমেন ফুকন উপস্থিত থাকি খেলুৱৈ সকলক পদক আৰু বঁটা প্ৰদান কৰে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দ’লৰ খিতাপ নগাঁও জিলা দলে আৰু কামৰূপ জিলা দলে দ্বিতীয় আৰু শোণিতপুৰ জিলা দলে তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতা সামগ্ৰীকভাৱে পৰিচালনা কৰে এচিয়ান যোগ ৰেফাৰী তথা অসম যোগ সন্থাৰ টেকনিকেল ডাইৰেক্টৰ বিচিত্ৰ ৰঞ্জন বৰাই।