কলগাছিয়া, সংবাদ ৩৬৫, ১ ডিচেম্বৰ : বৰপেটা সদৰ থানাৰ অন্তৰ্গত ৰূপাকুচি গাঁৱৰ নুৰুল ইছলামৰ পুত্ৰ আল মামুন । আল মামুনে মহাৰাষ্ট্ৰৰ এটা কোম্পানীৰ এম এইছ ০৪ এইছ এছ ০৪২২ নম্বৰৰ এখন ট্ৰাক চলাইছিল।

যুৱকজনে মাল ভৰ্তি ট্ৰাকলৈ মহাৰাষ্ট্ৰৰ পৰা তেজপুৰলৈ অহাৰ পাছতে যোগাযোগ বিছিন্ন হয় পৰিয়ালৰ লগত । পাছত আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে যদিও সন্ধান নাপায় যুৱকজনৰ ।

কোনো দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰি ৰহাৰ জোঙাল বলহু গড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত পেলাই থৈ যায় যুৱকজনক ।

শনিবাৰে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পাই পৰিয়াল লোকে ৰহাৰ পৰা ঘৰলৈ লৈ আহে মৃতদেহতো । ইতিমধ্যে সমগ্ৰ ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ইফালে ঘটনাটোৰ অপৰাধীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় স্থানীয় ৰাইজে ।