গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : নিয়াই দাখিল কৰিলে জুৰোড বিস্ফোৰণ কাণ্ডৰ চাৰ্জশ্বিট।৮ জন লোকৰ বিৰুদ্ধে নিয়াই দাখিল কৰিলে চাৰ্জশ্বিট। ৮ জন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে অভিযোগনামা।চাৰ্জশ্বিট

দাখিল কৰা কেইজন ক্ৰমে –

পাপু কোঁচ ওৰফে বিজয় অসম (৩২, ডিব্ৰুগড়),জাহ্নৱী শইকীয়া(৪৯, কামৰূপ), প্ৰাণময় ৰাজগুৰু(৫৭, শিৱসাগৰ), চিন্ময় লহকৰ(২৫, কামৰূপ),ইন্দ্ৰমোহন বৰা(২৫, নগাঁও), অমৃত বল্লভ গোস্বামী(৪১, গোলাঘাট), সংকীব তালুকদাৰ(২৬, কামৰূপ), প্ৰকাশ ৰাজকোঁৱৰ(৬৩, তিনিচুকীয়া)।

আলফা ( স্বা )ৰ লগত সম্পৰ্ক থকা এই ব্যক্তি কেইজনক ৰাষ্ট্ৰ দ্ৰোহ , সন্ত্ৰাস আৰু অবৈধ অস্ত্ৰ ৰখা আদি একাধিক গোচৰত অভিযুক্ত কৰা হৈছে।

ইয়াৰোপৰি বিস্ফোৰকাণ্ডত আহত হোৱা আৰক্ষীকে ধৰি মুঠ ১২ ব্যক্তিক প্ৰাণে মৰাৰ চেষ্টা কৰাৰো অভিযোগ অভিযুক্ত কেইজনৰ ওপৰত।

উল্লেখযোগ্য যে ৰাজ্যৰ লগতে মহানগৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উখল-মাখল পৰিৱেশেৰ মাজতে ১৫ মে’ত মহানগৰীৰ জু-ৰোডৰ চেণ্ট্ৰেল ম’লৰ সন্মুখত হৈছিল এক গ্ৰেনেড বিস্ফোৰণ। আৰক্ষীৰ নিয়মীয়া তালাচী চলি থকাৰ সময়তে দুৰ্বৃত্তই আৰক্ষীলৈ নিক্ষেপ কৰিছিল গ্ৰেনেড ।

ইয়াৰ পিছতে বৃহস্পতিবাৰে পুৱা চাৰি বজাৰে পৰা জু ৰোডৰ গ্ৰেনেড বিস্ফোৰণ ঘটনাৰ বাবে গুৱাহাটীৰ পাঞ্জাবাৰীৰ এটা ভাৰাঘৰত চলা আৰক্ষীৰ অভিযানত আটক কৰা হৈছিল আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক ।

উক্ত ঘটনাৰ লগত জড়িত আন অভিযুক্ত ক্ৰমে বিজয় অসম, জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, সঞ্জীৱ তালুকদাৰ, চিন্মই লহকৰ, অমৃত বল্লভ গোস্বামী, প্ৰকাশ ৰাজকোঁৱৰকো আটক কৰিছিল আৰক্ষীয়ে ।

ইফালে বিস্ফোৰণৰ পাছতে উক্ত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা স্বাধীনে।

ইয়াৰ পিছতে বিস্ফোৰণকাণ্ডৰ তদন্ত আৰম্ভ কৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই অৰ্থাৎ এন আই এই। উল্লেখ কৰিব পাৰি যে পূৰ্বেও আলফাৰ কূটাঘাতৰ বহুকেইটা গোচৰ ৰুজু কৰিছিল নিয়াই।