গুৱাহাটী, ৯ মেঃ উত্তৰ-পূৱৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীত এতিয়াৰে পৰা আৰম্ভ হ’ল জুমকাৰৰ সেৱা৷ আজি জুমকাৰৰ সহ-প্রতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া গ্রেগ মৰাণে জুমকাৰ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰি কয়, “পূৱ ভাৰতৰ শিলিগুড়ি আৰু কলকাতাত জুমকাৰৰ মুকলি কৰাৰ পিছত গুৱাহাটীতো আৰম্ভ কৰিবলৈ পাই নথৈ আনন্দিত৷ গুৱাহাটীত মাত্র ৮ দিনতে ১৫০ ৰাে অধিক বুকিংৰ যোগেদি আমাৰ এই সেৱা আদৰি লোৱাটাে প্রতীয়মান হৈছে। স্থানীয় লোক আৰু পৰ্যটক দুয়োপক্ষৰ পৰাই আমি বিগত সময়ছোৱাত লাভ কৰিছে ব্যাপক সঁহাৰি। গুৱাহাটী যিহেতু উত্তৰ-পূৱৰ দুৱাৰমুখস্বৰূপ সেয়ে শ্বিলং, ডাউকি, চেৰাপুঞ্জীলৈ যথেষ্ট পৰিমাণে পর্যটকৰ আগমণ ঘটে। শুভলক্ষণ এয়ে যে এই সেৱা যোৰহাট, তেজপুৰ আৰু উত্তৰ লক্ষীমপুৰলৈ ব্যৱসায়সূত্ৰেও বুকিং কৰা হৈছে।” মাউলিনংৰ দৰে মানুহৰ সঘন আহ-যাহ নথকা ঠাই, জিৰ’ আৰু হৰ্ণবিল ফেষ্টিভেললৈ গুৱাহাটীৰ পৰা যথেষ্ট লোকৰ সমাগম হয় আৰু এই সেৱাই অনাগত দিনত এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে৷
উল্লেখ্য যে ভাৰতৰ প্ৰথমটাে এশ শতাংশ স্বয়ং-চালনা বাহন ভাড়া দিয়া কোম্পানী হিচাপে জুমকাৰে ইতিমধ্যেই দেশৰ বিভিন্ন স্থানত জনপ্রিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই কোম্পানীটােৱে কাৰ বা বাহনসমূহ ঘন্টা, দিন, সপ্তাহ, অথবা মাহ হিচাপত ভাড়ালৈ প্ৰদান কৰে। উল্লেখ্য যে ২০১৩ চনত স্থাপন কৰা এই কোম্পানীটোৰ মুখ্য কাৰ্যালয় আছে বাঙ্গালুৰুত৷ কোম্পানীটােৱে সম্প্রতি ইয়াৰ সেৱা আগবঢ়াই আহিছে দেশৰ মুঠ ২০ খন চহৰ ক্ৰমে – বাঙ্গালুৰু, পুনে, চণ্ডীগড়, চেন্নাই, মুম্বাই, দিল্লী, কলকাতা, হায়দৰাবাদ, মহীশূৰ, মাঙ্গালোৰ আহমেদাবাদ, বিশাকাপট্টনম, কোচি, চুৰাট, লুধিয়ানা, শিলিগুৰি, জয়পুৰত৷ বাহনসমূহৰ ভিতৰত আছে হেটছবেকৰ পৰা আৰম্ভ কৰি এছ ইউ ভিলৈ, এছ ইউ ভিৰ পৰা বিলাসী ছেডান বাহনলৈ। সম্প্রতি কোম্পানীৰ ৩৫০০ৰো অধিক বাহনে সমগ্ৰ শ্রেণীটোকে সামৰি ৰাখিছে, য’ত ফ’ৰ্ড ফিগো, ছুইফ্ট, বেলিন’ আৰু জেতাৰ পৰা আৰম্ভ কৰি ছেদান বাহনলৈ সন্নিৱিষ্ট হৈ আছে আৰু লগতে আছে ফ’ৰ্ড এস্পায়াৰ আৰু হােণ্ডা চিটি এছ ইউ ভিৰ ভিতৰত আছে ইক’স্পট, ক্রেটা, মহিন্দ্রা স্কপিিডঅ’ আৰু এক্স ইউ ভি। এই কোম্পানীটােৰেই আছে ফ’ৰ্ড এণ্ডেভােৰ, মাৰ্চিডিজ জি এল এৰ দৰে বিলাসী বাহনো আছে৷ ব্যৱহাৰকাৰীয়ে প্রতিঘন্টাত ৭০ টকাৰ প্ৰাৰম্ভিক দৰত বাহনসমূহ বুক কৰিব পাৰিব, য’ত সন্নিৱিষ্ট থাকিব প্ৰতিঘন্টাত ৫ কিলোমিটাৰৰ বাবে ইন্ধন৷ গ্ৰাহকে এইটো পেকেজ গ্ৰহণ নকৰিলে প্ৰতিঘন্টাত ০ টকাৰ পৰা ১৫ টকাৰ পেকেজো গ্ৰহণ কৰিব পাৰে। আটাইবোৰ জুমকাৰৰ বাহনেই জি পি এছৰ দ্বাৰা পৰিচালিত৷ www.zoomcar.comৱেবছাইটটোৰ যোগেদি গ্ৰাহকে ততালিকে এখন বাহন বুক কৰিব পাৰিব। বিশেষকৈ প্ৰথম আৰু দ্বিতীয় স্তৰৰ চহৰসমূহত ইয়াৰ সুচল চলাচল অক্ষুগ্ধ কৰি ৰখাৰ প্ৰতি জুমকাৰে সদায়েই গুৰুত্ব আৰােপ কৰি আহিছে। এই দিশেৰেই কোম্পানীটােৱে ইয়াৰ এই অভিনৱ সেৱা আতি কম সময়ৰ ভিতৰতেই যথেষ্ট পৰিমাণে সম্প্রসাৰণ কৰিবলৈ সক্ষম হৈছে, বিশেষকৈ কলকাতা, আহমেদাবাদ, শিলিগুড়ি, লুধিয়ানাৰ দৰে নতুন ঠাইত সেৱা আৰম্ভ কৰিয়েই জনপ্রিয় হৈ পৰিছে কোম্পানীটো। এইবছৰৰ শেষভাগলৈ অন্ততঃ ১০০ খন পর্যন্ত বাহন। এই স্বয়ং-চালনা ব্যৱস্থাটােত অন্তর্ভুক্ত কৰিব পৰা যাব বুলিও আশা প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে জুমকাৰে আমেৰিকা যুক্তৰাষ্ট্রৰ বিভিন্ন উৎসৰ পৰা ২৪ মিলিয়ন ডলাৰৰ এক ব্যাপক মাত্ৰাৰ উত্থান ঘটাবলৈ সক্ষম হৈছে৷ জুমকাৰে গ্ৰাহকৰ আৰু এখোজ আগুৱাই শ্রেষ্ঠতম সেৱা সুবিধা লাভ কৰাৰ প্ৰতি গুৰুত্ব ৰখাৰ সমান্তৰালকৈ স্বাস্থ্যৰ প্ৰতিও সমানেই গুৰুত্ব প্ৰদান কৰিছে, যিটাে আহৰণ কৰিবলৈ সমৰ্থ হৈছে IOMT সঁজুলিৰ মাধ্যমেৰে আৰু ৰিয়েল টাইম মণিটৰিঙেৰে। বাহন বুকিং মোবাইল এপ্লিকেশ্যনৰ পিছত কোম্পানীটােৱে শেহতীয়াকৈ মুকলি কৰিছে। জুম এছ’চিয়েট প্ৰ’গ্ৰাম (ZAP)৷ যিয়ে গ্ৰাহকৰ আৰামদায়ক যাত্রাক আৰু অদিক সুখদায়ক কৰি তুলিব। পৰৱতী গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশটাে হৈছে ৱান-ৱে ট্ৰেভেল, যিটাে সম্ভৱপৰ হৈ উঠিলে অনাগত দিনত সমগ্র দৃশ্যপট সলনি হৈ পৰিব।