নিউজ ডেস্ক , সংবাদ ৩৬৫, ১৯ জুন : কৰ্মৰে মহানুভৱতাৰ পৰিচয় দিলে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে। ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্তক সহায়ৰ হাত আগবঢ়ালে জুবিন গাৰ্গে।

গোৱালপাৰাৰ এক সংগীতানুষ্ঠানৰ পৰা উভতি আহিছিল কণ্ঠশিল্পীগৰাকী । উভতি আহোতেই প্ৰত্যক্ষ কৰিছিল ছয়গাঁৱৰ কাৱৈমাৰীত সংঘটিত হোৱা দুৰ্ঘটনা । লগে লগে গাড়ীৰ পৰা নামি আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিলে জুবিন গাৰ্গে ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল মুঠ ৭ জনকৈ লোক । ততাতৈয়াকৈ ৰাইজৰ সহযোগত আহতসকলক প্ৰেৰণ কৰিলে চিকিৎসালয়লৈ ।