বিশ্ব ঐতিহ্য দিৱস

In তথ্য-সঁফুৰা, সম্পাদকৰ বাছনিত

আজি বিশ্ব ঐতিহ্য দিৱস৷ বিশ্বৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ সংৰক্ষণ তথা মানুহৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে ১৯৮৩ চনত ইউনেস্ক’ৰ সাধাৰণ সভাই আজিৰ দিনটো বিশ্ব ঐতিহ্য দিৱস হিচাপে স্বীকৃতি দিয়ে৷ উল্লেখ্য যে, ইউনেস্ক’ই বিশ্বৰ ঐতিহ্যমণ্ডিত স্থানসমূহ তালিকা প্ৰস্তুত কৰি সেই স্থানসমূহ সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ এনে স্থানসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা Word Heritage Site নামে জনা যায়৷ ২০১৫ ৰ জুলাইলৈ ১,০৩১ টা স্থানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে৷ ইয়াৰে ৮০২ টা সাংস্কৃতিক, ১৯৭ টা প্ৰাকৃতিক আৰু ৩২ টা স্থান মিশ্ৰিত ঐতিহ্যক্ষেত্ৰ ৷ ভাৰতবৰ্ষত বৰ্তমানলৈ ৩২ টা স্থানক ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে ৷ ইয়াৰ উপৰিও মানুহৰ মাজত সজাগতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে ১৮ এপ্ৰিলত কীৰ্তিস্তম্ভ আৰু ঐতিহ্য ক্ষেত্ৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস (International Day for Monuments and Site ) বা বিশ্ব ঐতিহ্য দিৱস (World Heritage Day) পালন কৰি আহিছে৷ এই দিনটোত বিশ্বৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হয়৷ পোন প্ৰথমবাৰৰ বাবে ১৯৮২ চনত এখন আলোচনাচক্ৰত  ইণ্টাৰনেচনেল কাউন্সিল অন্‌ মনুমেণ্টছ্‌ এণ্ড্‌ ছাইটচ্‌ চমুকৈ আইচিঅ’এমঅ’এছয়ে সমগ্ৰ বিশ্বতে বিশ্ব ঐতিহ্য দিৱস পালন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ আইচিঅ’এমঅ’এছৰ এই প্ৰস্তাৱ ১৯৮৩ চনত ইউনেস্ক’ৰ সাধাৰণ সভাত স্বীকৃতি লাভ কৰাত প্ৰতি বছৰে আজিৰ দিনটো বিশ্ব ঐতিহ্য দিৱস হিচাপে পালন কৰা হয়৷

Comments

comments

You may also read!

কোকৰাঝাৰত সেনা বাহিনীৰ উগ্ৰপন্থী বিৰোধী অভিযান

কোকৰাঝাৰ, সংবাদ ৩৬৫, ২৩ এপ্ৰিলঃ কোকৰাঝাৰ জিলাত ভাৰতীয় সেনাই এনডিএফবি(এছ)’ৰ দুৰ্ধৰ্ষ কেডাৰ কে বাখাৰ বিৰুদ্ধে চলাইছে অভিযান, সেনাৰ প্ৰায় ৪০০

Read More...

এনআৰচি’ত নথিপত্ৰ জালিয়াতি কৰি আৰক্ষীৰ জালত মহিলাসহ তিনিজন

বৰপেটা, সংবাদ ৩৬৫, ২৩ এপ্ৰিলঃ এনআৰচি’ত নাম অন্তৰ্ভুক্তি কৰাৰ বাবে নথিপত্ৰ জালিয়াতি কৰি ৰঙা ঘৰৰ আলহী হ’ল তিনিজনকৈ লোক৷ উল্লেখ্য

Read More...

ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহত্যাৰ ভাবুকিৰে ২৭২ জন এছপিঅ জোৱানৰ প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ এপ্ৰিলঃ শৰাইঘাটৰ দ্বিতীয় দলঙৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দি আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰি সোমাবাৰে নৱনির্মিত দলঙখনত

Read More...

Mobile Sliding Menu