সোণতলী, ১৭ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ এখনি ব্যক্তিগত স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয়৷ গৰৈমাৰী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ উদ্দেশ্য আগত ৰাখি কামৰূপ জিলা অগ্ৰগামী সচেতন নাগৰিক মঞ্চ আৰু ৰেইনড্ৰপ ফাউণ্ডেশ্বনৰ উদ্যোগত গৰৈমাৰীস্থিত ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ত অনুষ্ঠিত হয়৷ এই প্ৰতিভা সন্ধানী পৰীক্ষাত অঞ্চলটোৰ ১৩০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷পৰীক্ষাৰ পৰ্যবেক্ষকৰ দায়িত্বত থাকে ক্ৰমে ছাদিকুল ইছলাম, ইজাজুল হক, অমৰ ফাৰুক, আব্দুল মতিন আৰু ইমৰাম হুছেইন৷ অহা ২২ মে’ত পৰীক্ষাৰ ফলাফল ঘোষনা কৰা হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে৷