গুৱাহাটী

৯ অক্টোবৰ

অৱশেষত অসম গণ পৰিষদ দলত যোগদনা কৰিলে শিল্পীয়ে। বিজেপিৰ পৰা অগপলৈ আহিল জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী। কল্পনা পাটোৱাৰীৰ অগপত যোগদান দলটোৰ বাবে এটি ঐতিহাসিক ঘটনা বুলি অভিহিত কৰিলে অতুল বৰাই।

আগন্তকত ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক দল সমূহত চলিছে কলা-কুশলী সকলৰ যোগদান পৰ্ব। কোনোবাই যদি কংগ্ৰেছত যোগদান কৰিছে, কোনোবাই আকৌ আহিছে বিজেপিলৈ। কলা-কুশলীৰ যোগদান পৰ্বৰ পৰা ইমান দিনে বঞ্চিত হৈ থকা অগপ দললৈও অৱশেষত আহিল শিল্পী। বিজেপি ত্যাগ কৰি অগপলৈ আহিল জনপ্ৰিয় কণ্ঠ শিল্পী কল্পনা পাটোৱাৰী। শুকুৰবাৰে অগপ দলৰ এক যোগদান অনুষ্ঠানত বিজেপি দল ত্যাগ কৰি অগপ দলত যোগদান কৰিলে কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে। কল্পনা পাটোৱাৰীৰ যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰি অগপ সভাপতি অতুল বৰাই কয় যে কল্পনা পাটোৱাৰীৰ যোগদানে দলটোক হাজাৰ সিংহৰ বল দিছে। উল্লেখ্য যে কল্পনা পাটোৱাৰীয়ে ২০১৮ চনত বিজেপি দলত যোগদান কৰিছিল আৰু দুবছৰতে বিজেপিক ত্যাগ কৰি বিজেপিৰ মিত্ৰযোতৰ দল অসম গণ পৰিষদত যোগদান কৰিলে। অগপ দলৰ যোগদান অনুষ্ঠানত কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ লগতে অগপ দলত বহু কেইগৰাকী লোকে যোগদান কৰে।

যোগদান অনুষ্ঠানত অগপ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে দলৰ জ্যেষ্ঠ নেতা ফণী ভূষণ চৌধুৰী, কমলা কলিতা, ভূপেন ৰয়, নুৰুল হুছেইন, সত্যব্ৰত কলিতা, মনোজ শইকীয়াকে প্ৰমুখ্য কৰি দলে বহু নেতা-কর্মী উপস্থিত থাকে।