গুৱাহাটী, ২০ অক্টোবৰ, ২০২৬ : বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামত (ACA Stadium) অনুষ্ঠিত ৰঞ্জি ট্ৰফী এলিট মেচত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ৯ উইকেটৰ পতিয়ন যোগ্য জয় সাব্যস্ত কৰি নিজৰ পইণ্টৰ সংখ্যা ৭ লৈ বৃদ্ধি কৰিছে। টছত পৰাজিত হৈ পোনতে বেটিং কৰি অসমে ১১১.১ অভাৰত মুঠ ৩৩৪ ৰান সংগ্ৰহ কৰে, যত স্বৰূপম পুৰকায়স্থই ১০৭ বলত ৬৯ ৰান আৰু শিৱশংকৰ ৰায়ে ১২৫ বলত ৫৪ ৰানৰ অৱদান আগবঢ়ায়। ইয়াৰ বাদে সুমিত ঘাদিগাঁওকাৰে ৪৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ঋষভ দাস (৩৭), ৰোচন আলম (৩৬) আৰু নিবিড় ডেকাইও মূল্যৱান অৱদান আগবঢ়ায়।

ত্ৰিপুৰাৰ হৈ সন্দীপ সৰকাৰে ৪ টা আৰু মণিশংকৰ মুৰাসিংহে ৩ টা উইকেট দখল কৰে। ইয়াৰ পাছতে অসমৰ বলাৰসকলে এক উল্লেখযোগ্য প্রদর্শন দাঙি ধৰি ত্ৰিপুৰাক প্রথম ইনিংছত ২২.১ অভাৰত মাত্র ৬২ ৰানতে আৱদ্ধ ৰাখে৷ মোহিত ঠাকুৰ আৰু মুখতাৰ হুছেইনে তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে স্বৰূপম পুৰকায়স্থ আৰু হৃদিপ ডেকাই দুটাকৈ উইকেট দখলেৰে অসমৰ অৱস্থা মজবুত কৰি তোলে। ত্ৰিপুৰাই দ্বিতীয় ইনিংছত অধিক প্ৰতিৰোধৰ ক্ষমতা প্ৰদৰ্শনেৰে ৬৭.৪ অভাৰত ৩০৭ ৰান সংগ্ৰহ কৰে।

ত্ৰিপুৰাৰ বাবে মণিশংকৰ মুৰাসিংহে ১৬০ বলত ১৬১ আৰু ছেন্টু সৰকাৰে ৯৮ বলত ৫৯ ৰান সংগ্ৰহ কৰে। অসমৰ হৈ বলিং আক্রমণত হেঁচা অব্যাহত ৰাখি মোহিত ঠাকুৰে ১০১ ৰানত সৰ্বাধিক ৫ টা উইকেট দখল কৰে৷ ৰোচন আলম আৰু হৃদীপ ডেকাই দুটাকৈ উইকেট লাভ কৰে। জয়ৰবাবে অসমক তেতিয়া মাথো ৩৬ ৰানৰ প্ৰয়োজন হয় আৰু অসম দলে ১৩.২ অভাৰত এটা উইকেট হেৰুৱাই স্পৰ্শ কৰে। নিবিড় ডেকাই ১৯ ৰানত আৰু ঋষভ দাসে ১০ ৰানত অপৰাজিত থাকে। ত্ৰিপুৰাৰ উভয় ইনিংছ মিলি ৮ টা উইকেট দখল কৰা মোহিত ঠাকুৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে। কেৰিয়াৰত মোহিতৰ এইয়া আছিল দ্বিতীয়খন প্ৰথম শ্ৰেণীৰ খেল।

ৰঞ্জী ট্ৰফী এলিট প্ৰতিযোগিতাত টিম অসমৰ এই পতিয়ন যোগ্য বিজয়ে তেওঁলোকৰ পইন্টৰ সংখ্যা ৭ লৈ বৃদ্ধি কৰিছে। অসম ক্ৰিকেট সন্থাই টিম অসমক এই আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাইছে আৰু প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলতো এই ধাৰা অব্যাহত থকাৰ কামনা কৰিছে। অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰে।