লামডিঙ, সংবাদ ৩৬৫, ৯ অক্টোবৰ: চলন্ত ৰেলযোগে নিচাজাতীয় সামগ্ৰী সৰবৰাহ হৈ থকাৰ অভিযোগ সততে উত্থাপিত হোৱাৰ সময়তে মঙ্গলবাৰে লামডিঙত ৰেল আৰক্ষীৰ অভিযানত জব্দ হয় ৫০ কেজি গাঞ্জা। লামডিং ৰেল আৰক্ষীৰ টহলদাৰী এটা দলে নামনিমূৱা ১২৩৪৫ ডিব্ৰুগড় – নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছৰ পৰা তালাচী চলাই ১৫ টা পেকেটত থকা প্ৰায় ৫০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। গাঞ্জা খিনিৰ মূল্য কেবালক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত কোনো লোককে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে ডিমাপুৰ,মণিপুৰ আদি ৰাজ্যৰ পৰা অসমলৈ গাঞ্জা সৰবৰাহ কৰি এটা বৃহৎ চক্ৰই দীৰ্ঘদিনৰ পৰা গাঞ্জা ব্যৱসায়ৰ এটা বৃহৎ নেটৱৰ্ক চলাই আছে। গাঞ্জাকে ধৰি নিচাজাতীয় সামগ্ৰীবোৰ সৰবৰাহ কৰিবলৈ এই চক্ৰটোৱে ৰেল পৰিবহনকে সুচল মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে।