দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৯ অক্টোবৰ: শিক্ষাৰ গুণগত মান সম্পৰ্কে ৰাজ্য চৰকাৰো বিশেষভাৱে সচেতন। সেই উদ্দেশ্য সাধনৰ বাবেই ৰাজ্য চৰকাৰে ‘গুণোৎসৱ- মানৰ উৎসৱ’ নামেৰে ২০১৭ বৰ্ষৰ পৰা এটি পদক্ষেপ হাতত লৈছে। এইয়া হৈছে ৰাজ্য চৰকাৰ, সৰ্ব শিক্ষা অভিযান, অসম ৰাজ্যিক শিক্ষা গৱেষণা সংস্থা আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ এটি সন্মিলিত প্ৰচেষ্টা। সেই উদ্দেশ্যে দক্ষিণ কামৰূপৰ বাগান জাৰাপাটাত গুণোৎসৱত ভাগ লোৱা দেখা গল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। গুণোৎসৱত ভাগ ল’বলৈ মঙ্গলবাৰে বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে মত বিনিময় কৰা দেখা গল ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ সৈতে। ১৬ খন জিলাৰ ৮২৫ খন বিদ্যালয়ত চলি থকা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ভিতৰত উক্ত বিদ্যালয়খনো অন্যতম । ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ লগতে বুজালে বহুতো নজনা কথা । বৰ্ডত মুখ্যমন্ত্ৰী জনে নিজে লিখি শুধিলে ‘তোমাৰ ভাললগা গায়ক’ জন কোন। ইয়াৰ পিছতে অভিভাৱক তথা স্থানীয় লোকৰ লগত বিদ্যালয়খনৰ অভাৱ-অভিযোগ, গুণৰ কথা আলোচনা কৰে ।তাৰ পিছতে জৰাজীৰ্ণ অৱস্থাত থকা বিদ্যালয়খনৰ গৃহটি মেৰামতিৰ কিছূ আশ্বাস প্ৰদান কৰে। তাৰপিছতে ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে বহি মধ্যনভোজনত খিচিৰি খালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । মুখ্যমন্ত্ৰীয়ে বিদ্যালয়খনত থকা অভাৱ-অভিযোগ সমূহ দুৰ কৰাৰ বাবে আশ্বাস দিলে ৰাইজক । তাৰোপৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে শ্ৰেণীকোঠাত বহি শিক্ষকতা কৰি ভাল লগা বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । মুখ্যমন্ত্ৰীক অভাৱ অভিযোগ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিলে শিক্ষকে । মুখ্যমন্ত্ৰী গৰাকীৰ এই পদক্ষেপ সচাকৈ শলাগ লব লগীয়া