শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ৮ জুনঃ স্ব-ইচ্ছাই অবৈধ সুৰা ব্যৱসায় ত্যাগ কৰা ব্যক্তি সকলৰ বাবে “মিশ্যন এ’গ-ঘৰে ঘৰে কুকুৰা” অভিযানৰ অধীনত এক ব্যতিক্ৰমী আৰু গঠনমুলক প্ৰয়াস গ্ৰহণ কৰিছে নাজিৰা মহকুমা প্ৰশাসন, নাজিৰা ৰাজ্যিক পশু চিকিৎসালয়, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, নাজিৰা খণ্ড অভিযান পৰিচালনা শাখা আৰু বেচৰকাৰী সন্থা ফেহুজালি। অলপতে গ্ৰহণ কৰা হয়। অবৈধ সুৰাৰ ব্যৱসায় ত্যাগ কৰা ব্যক্তি সকলক কৰ্মসংস্থাপন প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি যোৱা ৭ জুনত নাজিৰা মহকুমাৰ নমাটি অঞ্চলৰ বছাগাঁৱত অঞ্চলটোৰ আত্মসহায়ক গোটৰ মহিলা সদস্যসকলৰ অংশগ্ৰহণত উন্নত জাতৰ কুকুৰা পোৱালী স্থানীয় ৰাইজক প্ৰদান কৰাৰ এখন সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত নাজিৰা মহকুমাৰ অন্তৰ্গত স্থানীয় হুলাল কলিতা গাঁৱৰ বসন্ত গগৈ, বিনন্দ গগৈ আৰু ৰঞ্জিত হাজৰিকা নামৰ তিনিগৰাকী ব্যক্তিৰ পৰিয়ালবৰ্গক “মিশ্যন এ’গ-ঘৰে ঘৰে কুকুৰা” অভিযানৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ উন্নত জাতৰ কুকুৰা পোৱালী যোগান ধৰা হয়। উল্লেখ্য যে যোৱা ২৪ মে’ত অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি ৰাজীৱ থাপা, নাজিৰা ৰাজহ চক্ৰ বিষয়া ড° গনেশ চন্দ্ৰ দাস আৰু হুলাল কলিতা গাঁৱৰ গাওঁবুঢ়া নীলমণি গগৈয়ে লোৱা এক বিশেষ পদক্ষেপৰ ফলত বসন্ত গগৈ, বিনন্দ গগৈ আৰু ৰঞ্জিত হাজৰিকা নামৰ ব্যক্তি তিনিজনে স্ব-ইচ্ছাই অবৈধ সুৰা ব্যৱসায় ত্যাগ কৰিছিল। পৰবৰ্তী সময়ত অবৈধ সুৰা ব্যৱসায় ত্যাগ কৰা ব্যক্তিকেইজনৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গৰ বাবে অতি প্ৰয়োজন হৈ পৰিছিল জীৱন নিৰ্বাহৰ এটা বিকল্প পথ আৰু এই বিকল্প প্ৰদান কৰাৰ উদ্দেশ্যে তিনিও গৰাকী ব্যক্তিৰ প্ৰিয়ালবৰ্গক নাজিৰা ৰাজহ চক্ৰ বিষয়া ড° গনেশ চন্দ্ৰ দাস, কোষাগাৰ বিষয়া তপনজিত ডেকা, জনসংযোগ বিষয়া জয়ন্ত মাউত, নাজিৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ বিষয়া ডা° জগদীশ বৰ্মণ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড প্ৰকল্প পৰিচালক ডেভিদ তিৰ্কী, ৰঞ্জন দুৱৰাৰ উপস্থিতিত সম্পূৰ্ণ বিনামূলীয়াকৈ উন্নত জাতৰ কুকুৰা পোৱালী যোগান ধৰা হয়। সভাত অংশগ্ৰহন কৰা ব্যক্তি সকলে নিজৰ ভাষণত ৰাইজক পশুপালন তথা কৃষিকৰ্মত নিজকে আত্মনিয়োগ কৰি গ্ৰাম্য অৰ্থনীতি সৱল কৰিবলৈ আহ্বান জনায়।