গুৱাহাটী, সংবাদ ৩৬৫, ২৯ এপ্ৰিল : সোমবাৰে গুৱাহাটীৰ নিজ আৱাসগৃহত জলসিঞ্চন আৰু ৰাজহ বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই এক সংবাদমেলৰ আয়োজন কৰি এ পি ডবলিউৰ অধ্যক্ষ অভিজিৎ শৰ্মাই অনা অভিযোগৰ লগতে দুৰ্নীতিৰ তথ্য ৰাজহুৱা কৰিবলৈ আহ্বান জনায়। নহ’লে অভিজিৎ শৰ্মাৰ বিৰুদ্ধে মান হানিৰ গোচৰ তৰিম বুলি সংবাদমেলৰ যোগেদি হুংকাৰ দিয়ে কলিতাই।

উল্লেখ্য যে এ পি ডবলিউৰ অধ্যক্ষ অভিজিৎ শৰ্মাই মন্ত্ৰী ভৱেশ কলিতাৰ পৰিপ্ৰেক্ষিতত জলসিঞ্চন বিভাগত চাকৰিৰ বজাৰ বহা বুলি অভিযোগ আনিছিল।

কলিতাই কয় ” এ পি ডব্লিউৰ অধ্যক্ষ অভিজিৎ শৰ্মাই অনা অভিযোগ ভিত্তিহীন । জালুকবাৰীৰ যি তিনিটা স্কীমৰ কথা কৈছে গোটেই কেইটা ২০১৪-১৫ৰ । স্কীম কেইটাৰ বাবে টকা এতিয়াহে আহিছে । কেন্দ্ৰই ৯০কোটি টকা আৱণ্টন দিছে । নিৰ্বাচনী অধিশোচনা থকাৰ বাবে ধন মুকলি কৰি দিব পৰা নাই । স্কীম কেইটাত কোনো দুৰ্নীতি হোৱা নাই ।”

তেখেতে আৰু কয় ” মোৰ কোনো ল’ৰা খুলশালী নাই। মোৰ বিভাগত নিযুক্তিও হ’ব দুৰ্নীতিমুক্ত ।

আনহাতে, দুৰ্নীতিৰ তথ্য দিব পাৰিলে অভিজিৎ শৰ্মাক ৰাজহুৱাকৈ পাটৰ গামোচা পিন্ধাম বুলিও কয় মন্ত্ৰীগৰাকীয়ে।