নিউজ ডেস্ক, ২৪ জুন, ২০২৬ : কলকাতাৰ উত্তৰ-পূব সীমান্ত চক্ৰৰ ৰে’লৱে সুৰক্ষা আয়ুক্ত সুমিত সিংঘলে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) কাটিহাৰ মণ্ডলৰ অন্তৰ্গত কাটিহাৰ-কুৰেথা (১১.০৬ কিমি) আৰু কাটিহাৰ-সোনাইলি (১৬.২১৫ কিমি)ৰ মাজৰ নৱনিৰ্মিত ব্ৰড গজ দ্বৈত ৰে’লপথ খণ্ডসমূহৰ বিধিসন্মত পৰিদৰ্শন সফলতাৰে সম্পূৰ্ণ কৰে। এই পৰিদৰ্শন ১৭ জুনৰ পৰা ১৯ জুন, ২০২৬ পৰ্যন্ত পৰিচালিত হয়।

বিধিসন্মত পৰিদৰ্শন সফলতাৰে সম্পন্ন হোৱাৰ পিছত ৰে’লৱে সুৰক্ষা আয়ুক্তয়ে মূখ্য লাইনত প্ৰতি ঘন্টাত ১১০ কিঃমিঃৰ সৰ্বোচ্চ গতিবেগৰ সৈতে নৱনিৰ্মিত দ্বৈত ৰে’লপথ খণ্ডত যাত্ৰীবাহী আৰু মালবাহী ৰে’লসেৱা পৰিচালনৰ অনুমোদন প্ৰদান কৰে। এই খণ্ডসমূহৰ কমিছনিঙে এই ৰে’লৱে নেটৱৰ্কৰ সমগ্ৰতে ৰে’লৰ চলাচল উন্নত কৰিব, লাইনৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে অধিক পৰিচালনগত নমনীয়তা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

এই খণ্ডসমূহ কাটিহাৰ-কুমেদপুৰ আৰু কাটিহাৰ-মুকুৰিয়া, নতুন দ্বৈত ৰে’লপথ প্ৰকল্পৰ অংশ, যাৰ দ্বাৰা সংশ্লিষ্ট অঞ্চলটোত ৰে’ল লাইনৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে পৰিচালনগত দক্ষতা উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই দ্বৈত ৰে’লপথ খণ্ডসমূহৰ কমিছনিঙে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণাধীন ৰে’লৱে আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰয়াসত আৰু এক উল্লেখনীয় সফলতাকে চিহ্নিত কৰিছে লগতে যাত্ৰীবাহী আৰু মালবাহী গ্ৰাহকসকলক অধিক দক্ষ, সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য পৰিবহন সেৱা প্ৰদান কৰিব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই সাধাৰণ ৰাইজক ৰে’লৱে ট্ৰেকৰ সমীপত সতৰ্কতা অৱলম্বন কৰাৰ লগতে অননুমোদিত স্থানত ট্ৰেক অতিক্ৰম নকৰিবলৈ বা ট্ৰেকত অনাধিকাৰ প্ৰৱেশ কঠোৰভাৱে পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে। যাত্ৰী আৰু স্থানীয় বাসিন্দাসকলক কেৱল নিৰ্ধাৰিত ক্ৰছিং পইণ্টহে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে, কিয়নো অননুমোদিত ট্ৰেক পাৰ হোৱাটো ৰে’লৱে আইনৰ অধীনত এক দণ্ডনীয় অপৰাধেই নহয়, লগতে ব্যক্তিগত সুৰক্ষা আৰু ৰেল পৰিচালনৰ দিশত গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।