গোৱালপাৰা

৮ অক্টোবৰ

দুই হাত বান্ধি ১ ঘন্টা ৫৫ মিনিটত ৩৪.৯২ কিলোমিটাৰ চাইকেল চলাই ৰেকৰ্ড কৰিলে গোৱালপাৰাৰ কিশোৰ তনবীৰ ফিৰদৌচে।

দুই হাত বান্ধি ১ ঘন্টা ৫৫ মিনিটত ৩৪.৯২ কিলোমিটাৰ চাইকেল চলাই ৰেকৰ্ড কৰিলে গোৱালপাৰাৰ কিশোৰ তনবীৰ ফিৰদৌচে। যোৱা এক অক্টোবৰত তনবীৰ ফিৰদৌচে গোৱালপাৰা চহৰৰ আলছালাম হস্পিতালৰ পৰা চাইকেল চলোৱা আৰম্ভ কৰি বঙাইগাঁও জিলাৰ চলন্তপাৰাৰ পৰা পুনৰ উভতি আহি গোৱালপাৰা চহৰৰ চোলেছ হস্পিতালৰ সন্মুখত সামৰণি মাৰে। দুই হাত বান্ধি ১ ঘন্টা ৫৫ মিনিটত ৩৪.৯২ কিলোমিটাৰ চাইকেল চলাই তনবীৰ ফিৰদৌচে পুৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈ অসম বুক অব ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হয়। গোৱালপাৰা চহৰৰ বৰবাজাৰৰ বাসিন্দা ছাবিৰ ৰহমান আৰু লাইলা মুচকুৰাৰ পুত্ৰ তনবীৰ ফিৰদৌচে চহৰৰ এচ আৰ একাডেমিৰ নৱম শ্ৰেণীৰ ছাত্ৰ।

সৰুৰে পৰাই হাত বান্ধি চাইকেল চলোৱাৰ অভ্যাস কৰা তনবীৰ ফিৰদৌচে অসম বুক অব ৰেকৰ্ডত স্থান লাভ কৰাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ব ৰেকৰ্ড কৰাৰ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে। তনবীৰ ফিৰদৌচৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে গোৱালপাৰা চহৰবাসী ৰাইজে।