নিউজ ডেস্ক, ২৫ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰেলৱে (নিৰ্মাণ)ৰ মহাপ্ৰবন্ধক আশীষ বানছালে শেহতীয়াকৈ গুৰুত্বপূৰ্ণ জিৰিবামইম্ফল নতুন ৰেলপথ প্ৰকল্পৰ অধীনত জিৰিবামখোংচাং, খোংচাংআৱাংখুল আৰু আৱাংখুলইম্ফল অংশসমূহ পৰিদৰ্শন (Inspection) কৰে। তেওঁ চলি থকা বিভিন্ন নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে প্ৰকল্পটোৰ ৰেলপথৰ কাষে কাষে থকা গুৰুত্বপূৰ্ণ ৰেলৱে আন্তঃগাঁথনিমূলক কামসমূহৰ স্থিতি পৰ্যালোচনা কৰে। আশীষ বানছালে য়াৰ্ডসমূহৰ অন্তৰ্ভুক্তিৰে খোংচাংআৱাংখুল খণ্ডটোও পৰিদৰ্শন কৰে। খোংচাংআৱাংখুল খণ্ডৰ য়াৰ্ডসমূহকে ধৰি বিভিন্ন অংশ পৰিদৰ্শন কৰি বিশেষকৈ অক্টোবৰ, ২০২৬ ত পৰিকল্পিত চিআৰএছ পৰিদৰ্শনৰ বাবে প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে সুৰংগ নং ২৮ আৰু ১২ পৰিদৰ্শন কৰি প্ৰকল্পটোৰ সুৰংগ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিও পৰ্যালোচনা কৰে।

জিৰিবামইম্ফল নতুন ৰেলপথ প্ৰকল্পটোৰ মুঠ দৈৰ্ঘ্য ১১০.৬২৫ কিলোমিটাৰ আৰু ই উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা আটাইতকৈ ৰূপায়ণ হৈ থকা অন্যতম প্ৰত্যাহ্বানমূলক ৰেল আন্তঃগাঁথনিমূলক প্ৰকল্প। প্ৰকল্পটো দুৰ্গম আৰু পাহাৰীয়া ভূখণ্ডৰ মাজেৰে অতিক্ৰম কৰিছে আৰু ইয়াত বিস্তৃত সুৰংগ আৰু সেতু নিৰ্মাণৰ কাম অন্তৰ্ভুক্ত আছে। নতুন ৰেলপথটোৰ জৰিয়তে মণিপুৰৰ ৰাজধানী ইম্ফললৈ পোনপটীয়া ৰেল যোগাযোগ স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে, যাৰ ফলত ৰাজ্যখনৰ লগতে সমগ্ৰ অঞ্চলটোৰ পৰিবহণ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী হব। এই প্ৰকল্পটোৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াৰ বিস্তৃত সুৰংগ নেটৱৰ্ক। প্ৰকল্পটোৰ অধীনত মুঠ ৫৪ টা সুৰংগ আছে, যাৰ সঞ্চিত দৈৰ্ঘ্য প্ৰায় ৬৬.৪৭ কিলোমিটাৰ। দুৰ্গম ভূতাত্ত্বিক আৰু পাহাৰীয়া ভূখণ্ডৰ মাজেৰে এই সুৰংগসমূহ নিৰ্মাণ কৰাটো এক উল্লেখযোগ্য অভিযান্ত্ৰিক কৃতিত্ব। এই কামৰ বাবে উন্নত নিৰ্মাণ প্ৰযুক্তিৰ লগতে উচ্চমানৰ সুৰক্ষা ব্যৱস্থা আৰু গুণগত মান নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজনীয়। 

প্ৰকল্পটোত ১৫ খন বৃহৎ সেতু আৰু ১১৬ খন সৰু সেতু অন্তৰ্ভুক্ত আছে। ইয়াৰ ভিতৰত ননীস্থিত সেতুখন সবাতোকৈ ওখ, যাৰ পিয়াৰৰ উচ্চতা ১৪১ মিটাৰএই দলংসমূহ ৰেলপথৰ কাষেৰে ৰেলৰ লগতে পথ পৰিবহণৰ সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন চলাচল নিশ্চিত কৰাৰ বাবে নিৰ্মাণ কৰা হৈছে। জিৰিবামইম্ফল নতুন ৰেলপথত মুঠ ১১ টা ৰেল ষ্টেচন আছে। এই ষ্টেচনসমূহ হৈছেজিৰিবাম, ভাংগাইচুংপাও, ৰাণী গাইদিনলিউ, কেম্বিৰন হল্ট, থিংগৌ, খোংচাং, আৱাংখুল, ননী, টুপুল, হাওচং ৰোড হল্ট আৰু ইম্ফল। এই ষ্টেচনসমূহে চৌপাশৰ অঞ্চলত বসবাস কৰা লোকসকলৰ বাবে উন্নত ৰেল যোগাযোগৰ সুবিধা প্ৰদান কৰাৰ লগতে যাত্ৰী আৰু সামগ্ৰী পৰিবহণৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে সেৱা আগবঢ়াব। প্ৰকল্পটোৰ বাকী খণ্ডসমূহ পৰ্যায়ক্ৰমে সম্পূৰ্ণ কৰাৰ দিশত অগ্ৰসৰ হৈছে। জিৰিবামভাংগাইচুংপাও খণ্ডটো বিগত ২০১৭ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আৰু ভাংগাইচুংপাওখোংচাং খণ্ডটো বিগত ২০২২ বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰেল চলাচলৰ বাবে মুকলি কৰা হয়। বাকী খণ্ডসমূহো পৰ্যায়ক্ৰমে সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়ি আছে। 

পৰিদৰ্শনকালত আশীষ বানছালে সৰ্বোচ্চ সুৰক্ষা মানদণ্ড, নিৰ্মাণৰ গুণগত মানসম্পন্ন নিৰ্মাণ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সংশ্লিষ্ট বিষয়াবৰ্গ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীবৰ্গৰ সৈতে প্ৰকল্পটোৰ কাম সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে কামৰ অগ্ৰগতি পৰ্যালোচনা কৰি নিৰ্মাণকাৰ্যসমূহ নিবিড়ভাৱে নিৰীক্ষণ আৰু সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে। জিৰিবামইম্ফল নতুন ৰেলপথে তাৎপৰ্যপূৰ্ণভাৱে মণিপুৰ আৰু দেশৰ বাকী প্ৰান্তৰ মাজত যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত কৰি তুলিব। দ্ৰুত আৰু অধিক নিৰ্ভৰযোগ্য যাত্ৰী পৰিবহণৰ সুবিধা প্ৰদান কৰাৰ উপৰি এই ৰেলপথে অত্যাৱশ্যকীয় সামগ্ৰী আৰু অন্যান্য পণ্য পৰিবহণত সহায় কৰি পৰিবহণ ব্যৱস্থা যথেষ্ট বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক তথা সামাজিক উন্নয়নত অৰিহণা যোগাব।  এই পৰিদৰ্শনে উত্তৰ-পূব সীমান্ত ৰেলৱে (নিৰ্মাণ)ৰ উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ৰেল আন্তঃগাঁথনি প্ৰকল্পসমূহ দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ প্ৰতি থকা অবিৰত প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে লগতে সুৰক্ষা, উন্নত মানদণ্ড আৰু দক্ষতাৰে নিৰ্মাণ কাৰ্য সম্পন্ন ওপৰত বিশেষ গুৰুত্ব দিয়া  হৈছে।