মঙলদৈ, সংবাদ ৩৬৫, ২৪ জুলাইঃ অসম লােকসেৱা আয়ােগৰ চাকৰি কেলেংকাৰীত জড়িত  দৰং জিলা ভাৰতীয় জনতা পাৰ্টীৰ উপ সভাপতি তথা দৰং জিলা উকিল সন্থাৰ সাধাৰন সম্পাদক শৈলেন শৰ্মা বৰুৱাক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে দৰং জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷ অধিবক্তাৰ দৰে মহান বৃত্তিৰ লগত জড়িত থাকি এই বৃত্তিত কালিমা লগোৱা এই গৰাকী ব্যক্তিক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিব লাগে বুলি দাবী জনায় সংগঠনটোৱে৷ দৰং জিলাৰ ছিপাঝাৰৰ হাজৰিকাপাৰাত জন্ম গ্ৰহন কৰা শৈলেন শৰ্মা বৰুৱাই ২০০৬ চনত বিজেপি দলৰ হৈ ছিপাঝাৰ সমষ্টিৰ পৰা বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দী কৰি পৰাজিত হৈছিল৷ মঙলদৈ সমষ্টিৰ বৰ্তমানৰ বিজেপিৰ বিধায়ক গুৰুজ্যোতি দাসৰ অতিকৈ ঘনিষ্ট ৰাকেশ পালৰ দালাল শৈলেন শৰ্মা বৰুৱা অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছত বিধায়ক গুৰুজ্যোতি দাসৰ পাঁচ গৰাকী এ চি এছ বিষয়া তদন্তলৈ অহাৰ সম্ভবনা আছে৷ আনহাতে ৰাকেশ পালৰ দালাল শৈলেন শৰ্মা বৰুৱাৰ আৰ্শীবাদত হাজৰিকাপাৰা তথা বৰ্তমান মঙলদৈৰ নিবাসী অবসৰপ্ৰাপ্ত বেংক বিয়ষা জনৈক শৰ্মা উপাধিৰ কন্যাও এ চি এছ পোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৰাজনীতিৰ লগত জড়িত থাকি ডাঙৰ ডাঙৰ বিষয়া আৰু ৰাজনৈতিক ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰি দালালি কৰা শৈলেন শৰ্মা বৰুৱা ধনৰ বিনিমায়ায় এ পি এছিত চাকৰি দিয়াৰ লগতে আইনৰ মাজেৰে এ পি এছিৰ কেলেংকাৰীত জড়িত হৈ বৰ্তমান ৰঙা ঘৰৰ ভিতৰত থকা সকলৰ হৈ আইনী বিষয়াক মেনেজ কৰিব যোৱা কাৰ্যত লজ্জিত হৈ দৰং জিলাৰ বিভিন্ন ব্যক্তি আৰু দল- সংগঠনে শৈলেন শৰ্মা বৰুৱাক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।