কুন্দন ভৰালী

নগাঁও

৯ ছেপ্টেম্বৰ

শসকীয় দল বিজেপিক তীব্ৰ আক্ৰমণ ৰকিবুল হুছেইনৰ। বিজেপিয়ে নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ অৰুনোদয় আঁচনিৰ টোপ দিছে বুলি মন্তব্য প্ৰাক্তন মন্ত্ৰী গৰাকীৰ।

আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। শাসকীয় বিজেপি দলে পুনৰ গাদী দখল কৰাৰ বাবে ৰণকৌশল তৈয়াৰ কৰাৰ পৰিবৰ্তে কংগ্ৰেছ দলেও পাঁচ বছৰীয়া বনবাস কাটি দিশপুৰ দখল কৰাৰ বাবে উঠি পৰি লাগিছে। বুধবাৰে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনে শাসকীয় বিজেপি দলক চলালে তীব্ৰ আক্ৰমণ। বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ ৰকিবুল হুছেইনে কয় যে ভাষিক সংখ্যালঘুৰ কথা কোৱা বিজেপি চৰকাৰে ভাষিক সংখ্যালঘুসকলৰ লগতে সকলো শ্ৰেণীৰ লোকক প্ৰতাৰণা কৰি আহিছে। সকলো ক্ষেত্ৰত ৰাজ্যৰ বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বাবেই এতিয়া ৮৩০ টকীয়া অৰুনোদয় আঁচনি ঘোষণা কৰিছে। এই অৰুনোদয় আঁচনিৰ টোপ দি এতিয়া নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা কৰিছে শাসকীয় দল বিজেপিয়ে বুলি মন্তব্য প্ৰকাশ কৰি বিজেপি দলক তীব্ৰ আক্ৰমণ কৰে ৰকিবুল হুছেইনে। কেৱল মিছা প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ বিজেপি চৰকাৰে চাৰিটা বছৰ অতিক্ৰম কৰা বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।

নগাঁও ৰাজীৱ ভৱনত বুধবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছৰ ভাষীক সংখ্যালঘূ কোষৰ সভাত অংশগ্ৰহণ কৰি বিজেপি দলক তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে। সভাত ভাষিক সংখ্যালঘু কোষৰ অধ্যক্ষ তথা লামডিঙ সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বপন ক’ৰৰ লগতে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিবামণি বৰাকে প্ৰমুখ কৰি কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ নেতা। সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ নেতাকেইজন শাসকীয় দল বিজেপিৰ সমালোচনাত মুখৰ হৈ পৰে ।