আজিজুল হক

বৰপেটা 

১৪ অক্টোবৰ

বুধবাৰে সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ  ব্যাসকুছিৰ ৩২ নং অংগনবাদী কেন্দ্ৰটো আদৰ্শ কেন্দ্ৰ হিচাপে শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে ব্যাসকুছি ভট্টদেৱ মিলন সমিতিৰ সভাপতি তথা ব্যাসকুছি  হাইস্কুলৰ বিজ্ঞান শিক্ষক খঞ্জন ডেকাই।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি খঞ্জন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ডেকাই ব্যাসকুছিৰ ৩২ নং অংগনবাদী কেন্দ্ৰটো আদৰ্শ কেন্দ্ৰ হিচাপে উদ্বোধন কৰিবলৈ পাই অতি সন্তোষ প্ৰকাশ কৰে। শিশুৰ শাৰিৰীক, মানসিক আৰু আধ্যাত্মিক দিশৰ বিকাশ সাধনৰ প্ৰাৰম্ভিক ক্ষেত্ৰ অংগনবাদী কেন্দ্ৰ বুলি মতপোষণ কৰে ডেকাই। শিশুৰ বাবে অতি প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য যোগানে ৰাজ্যৰ লাখ লাখ শিশুক উপকৃত কৰাৰ লগতে শিশুক পাঠ্যক্ৰমৰ সৈতে চিনাকি কৰাই দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লয় অংগনবাদী কেন্দ্ৰই। ইয়াৰোপৰি অংগনবাদী কেন্দ্ৰই শিশুক নিয়মানুৱৰ্তিতা বজাই ৰখা, আচৰণ-কথোপকথন, চাফ চিকুণতা আদিৰ বিকাশ ঘটোৱাত অৰিহণা যোগায় বুলিও মতপোষণ কৰে খঞ্জন ডেকাই। অংগনবাদী কেন্দ্ৰত যোগান ধৰা খাদ্য ও অন্যান্য সা সুবিধাসমূহৰ যাতে যথোপযুক্ত ব্যৱহাৰ হয় তাৰ প্ৰতি দৃষ্টি ৰখাটো সমাজৰ প্ৰতিগৰাকী অভিভাৱকৰ দ্বায়িত্ব বুলিও কয় তেওঁ। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অংগনবাদীটোৰ ছুপাৰ ভাইজাৰ বিউটি ডেকাই।

উক্ত সভাত আদৰ্শ কেন্দ্ৰত থাকিব লগা বিভিন্ন দিশ পৰ্যালোচনা কৰে চেঙা খণ্ড স্বাস্থ্য বিভাগ, নীতি আয়োগৰ খণ্ড প্ৰশিক্ষণ বিষয়া বীৰেন দাসে। সভাত উপস্থিত থাকে চেঙা খণ্ড স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলাম, খণ্ড পৰিচালক চৌকত আলী, সমাজকৰ্মী শ্বহিদুৰ ৰহমান, স্বাস্থ্য কৰ্মী বিজুলী দাসৰ লগতে কেবাগৰাকীও আশা কৰ্মী আৰু অংগনবাদী কৰ্মী।