আনিছুৰ আলী

গৌৰীপুৰ

১৪ অক্টোবৰ

ধুবুৰী জিলা বিজেপিৰ চতুৰ্থ কাৰ্যনিৰ্বাহক সভা। ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টি দখল কৰাৰ সপোন বিজেপিৰ। দলীয় কৰ্মী সকলক অধিক সজাগ হ’বলৈ আহ্বান ধুবুৰী জিলা বিজেপিৰ শীৰ্ষ নেতা সকলৰ।

সমাগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰীত বিজেপি দল অধিক তৎপৰ হৈ পৰিছে। বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বুধবাৰে গৌৰীপুৰস্থিত প্ৰতিমা বৰুৱা পাণ্ডে সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হয় ধুবুৰী জিলা বিজেপিৰ এখন কাৰ্যনিৰ্বাহক তথা সাংগঠনিক সভা। জিলা সভাপতি দেৱময় সান্ন্যালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সমাগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় কৰ্মী সকলক অধিক সজাগ হ’বলৈ আহ্বান জনায় ধুবুৰী জিলা বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাই। সভাত ধুবুৰী জিলা বিজেপিয়ে ধুবুৰী মহকুমাৰ অন্তৰ্গত ধুবুৰী সদৰ, গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টি আগন্তক বিধানসভা নিৰ্বাচনত দখল কৰাৰ লক্ষ্য লৈ ৰণ কৌশল ৰচনা কৰে দলৰ নেতৃত্বই।

সভাত ধুবুৰী জিলা বিজেপিৰ সভাপতি দেৱময় সান্ন্যালৰ লগতে জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি নিৰ্মানন্দ পাল,
কেন্দ্ৰীয় কমিটিৰ সদস্য বিমল ওচৱাল প্ৰমূখ্যে কেইবাগৰাকী স্থানীয় নেতা সকলৰ লগতে বিজেপি দলৰ বহু কর্মী উপস্থিত থাকে।