কলগাছিয়া

২৯ আগষ্ট

আঢ়ৈ মাহ পিছত আব্দুৰ ৰহমানৰ মৃতদেহ কবৰ খান্দি উলিওৱাক কেন্দ্ৰ কৰি কলগাছিয়াৰ বালিকুৰি ননকে গাঁৱৰ ৰাইজৰ মাজত চাঞ্চল্য। আব্দুৰ ৰহমানক হত্যা কৰা হৈছিল বুলি গোচৰ ৰুজু কৰাৰ পিছত আঢ়ৈ মাহ পিছত কবৰ খান্দি উলিওৱা হয় মৃতদেহ।

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি ননকে গাঁৱৰ কবৰস্তানৰ পৰা আব্দুৰ ৰহমান নামৰ এগৰাকী ৬৫ বছৰীয়া বৃদ্ধৰ মৃতদেহ কবৰস্থ কৰাৰ আঢ়ৈ মাহ পিছত কবৰ খান্দি উলিওৱাৰ বাবে অঞ্চলব্যাপী তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে। ঘটনাৰ বিবৰণী মতে আব্দুৰ ৰহমানৰ পুত্ৰ হাশমত আলীয়ে বালিকুৰি আৰক্ষী চকীত তছেৰ আলী, মিয়াচান, নুৰজামান আৰু তৰপ আলী নামৰ চাৰিজন লোকৰ বিৰুদ্ধে ভূমি বিবাদ সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীৰ তদন্ত চলি থকাৰ সময়তে পুনৰ উক্ত আচামীৰ এজনে এজাহাৰকাৰীৰ পিতৃ তথা কবৰ খান্দি উলিওৱা আব্দুৰ ৰহমানক মাৰপিট কৰাৰ ফলত মৃত্যুবৰণ কৰিবলগীয়া হয় বুলি পুনৰ থানাত লিখিত অভিযোগ দাখিল কৰে। বাদী-প্ৰতিবাদীৰ অভিযোগ-প্ৰতি অভিযোগত পৰিৱেশ বেয়া হোৱালৈ চিন্তা কৰি ঘটনা সন্দৰ্ভত ৰমজান বেপাৰীৰ সভাপতিত্বত এখন ৰাইজমেল বহি ঘটনাৰ মীমাংসা কৰা হয়। ঘটনা মীমাংসাৰ বাবে জনতা গাঁও পঞ্চায়তৰ সভাপতি হাবিল খান, প্ৰাক্তন সভাপতি নজৰুল ইছলাম, হাজী আবুল হুছেইন আৰু চুলতান বাদসাই কমিটিত থাকি তৰপ আলীক তিনি লাখ টকা জৰিমনা ঘোষণা কৰে বুলি তৰপ আলীয়ে জানিবলৈ দিয়ে। কোনো দোষ নকৰি এই বৃহৎ ধনৰাশি আদায় দিয়াৰ যুক্তি ক’ত বুলি ভাৱি তৰপ আলীয়ে এই ধন আদায় নিদিয়ে। পৰবৰ্তী সময়ত আব্দুৰ ৰহমানৰ পুত্ৰই কলগাছিয়া আৰু বালিকুৰি আৰক্ষীয়ে এই গোচৰটোৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি আৰক্ষী সঞ্চালক প্ৰধানলৈ এক লিখিত অভিযোগ দাখিল কৰে।

অভিযোগৰ ভিত্তিত শনিবাৰে বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতত কবৰ খান্দি আব্দুৰ ৰহমানৰ মৃত দেহ উলিয়াই মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। অৱশ্যে আব্দুৰ ৰহমানক শাৰীৰিক প্ৰহাৰ কৰাৰ কোনো প্ৰত্যক্ষ দৰ্শী পোৱা নেযায়। আব্দুৰ ৰহমানৰ ভৰিত ঘাঁহ হৈ গেলি যোৱাৰ লগতে কৰ্কট ৰোগত আক্রান্ত আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্ত আৰু মৰনোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত ৰহস্য জানিবলৈ পোৱা যাব।