গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : বৃহস্পতি বাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰত অসম চৰকাৰে শপত নামা দাখিল কৰি ঘোষণা কৰে যে ঘোষিত বিদেশীয়ে যদি ৫ লাখ টকাৰ আমানত দিয়ে,জীৱনৰ সত্যা-সত্য যদি প্ৰমাণ কৰিব পাৰে আৰু সম্পূৰ্ণ বাইঅ’ মেট্ৰিক তথ্য যদি সংগ্ৰহ হয় তেনেহলে ৰাজ্য চৰকাৰে সেই বন্দীসকলক বন্দীশালৰ পৰা মুক্ত কৰি দিব । এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে শুকুৰবাৰে এখন সংবাদ মেলৰ আয়োজন কৰে।

সংবাদমেলত অখিল গগৈয়ে কয় যে পৃথিৱীৰ কোনো এখন চৰকাৰেই বিদেশীক ভাৰতত ৰাখিম বুলি কব নোৱাৰে। অসম চৰকাৰৰ শপত নামা অনুসৰি অসম চৰকাৰ সংবিধানৰ বিৰুদ্ধে গৈছে আৰু বিদেশী আইন ১৯৪৬ৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে। গতিকে ভাৰতবৰ্ষৰ সংবিধানৰ বিৰুদ্ধে যোৱা আৰু দেশৰ বিদেশী আইন ১৯৪৬ৰ বিৰুদ্ধে যোৱা অসম চৰকাৰৰ দুজন মুৰব্বী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্য সচিব আলোক কুমাৰক অনতিপলমে গ্ৰেপ্তাৰৰ দাবী জনায় অখিল গগৈয়ে।

উচ্চতম ন্যায়ালয়ৰ প্ৰতি আবেদন জনাই কয় যে ঘোষিত বিদেশীক অসমত ৰাখিম বুলি ঘোষণা কৰা অসম চৰকাৰৰ এই দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীজন যিহেতু গৃহ মন্ত্ৰীও আৰু অসমৰ মুখ্য সচিবজনে নিজেই সাক্ষৰ কৰি অসম চৰকাৰৰ হৈ এই শপত নামা দাখিল কৰিছে আৰু এই শপত নামা যিহেতু সংবিধানৰ বিৰুদ্ধে গৈছে আৰু বিদেশী আইন ১৯৪৬ৰ ৩ নং দফাক অৱমাননা কৰিছে গতিকে সৰ্বানন্দ সোণোৱাল আৰু আলোক কুমাৰক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাটো অৱধাৰিত হৈ পৰিছে।

ঘোষিত বিদেশী সকলক যদি অসমত যদি নাগৰিকত্ব প্ৰদান কৰে তেতিয়াহলে অসমত চৰকাৰ থকা নথকাৰ কোনো পাৰ্থক্য নাথাকিব। অসমৰ ৰাজনৈতিক ইতিহাসত বিজেপি চৰকাৰ খনে বিদেশীক লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু ৰাজনৈতিক ইতিহাসত আটাইতকৈ কম বিদেশী খেদিছে বিজেপি চৰকাৰখনে । চুপ্ৰিম কোৰ্টত শপত নামা দাখিল কৰি বিজেপি চৰকাৰে কৈছে যে যোৱা ৩ বছৰত মাত্ৰ ৪ জন বিদেশী খেদিছে ।

বিজেপি চৰকাৰখন বিদেশীৰ বন্ধুত্বপুৰ্ণ চৰকাৰ। এই চৰকাৰৰ সময়তেই ঘোষিত বিদেশীৰ পৰা ৫ লাখ টকাৰ ধন লৈ বন্দী শালৰ পৰা মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰা হৈছে । চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই এই বিদেশীৰ ওপৰত। যিসকল মানুহে বিজেপিক সমৰ্থন কৰি আছে আৰু ভাবি আছে যে বিজেপি চৰকাৰে বিদেশী খেদিব সেই কথা ভুৱা। বিজেপি চৰকাৰে কোনো দিনেই যে বিদেশী খেদিব নোৱাৰে সেই কথা তথ্য,প্ৰমাণ আৰু শপত নামাই ইতিমধ্যে প্ৰমাণ কৰিছে। মুখ্যমন্ত্ৰীক ঘোষিত বিদেশীক ৰুক্ষণা-বেক্ষণ দিবৰ বাবে আৰু ঘোষিত বিদেশীক স্বদেশী সজাবৰ কাৰণে শপত নামা দিয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবক গ্ৰেপ্তাৰ কৰিবৰ বাবে দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা গৰাকীয়ে।