গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : ডবকা কাণ্ডৰ গৰিহণা দি গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত বিভিন্ন দল-সংগঠন তথা সচেতন নাগৰিক মহলে শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

সংবাদ মাধ্যমৰ আগত তেওঁলোকে অতি ক্ষোভেৰে কয় ” নতুন চৰকাৰ আহিবৰ পৰা নাৰী বেছি অবদমিত হৈছে। ধৰ্ষণ কাৰীৰ আইন পৰিবৰ্তন কৰি হলেও ধৰ্ষণ কাৰীক ফাঁচি দিব লাগে। আনহাতে, ২০০৭ চনত জাষ্টিছ শকুন্তলা দেৱীৰ যিখিনি কথা চুপাৰিষ্ট কৰিছিল যে এখন হস্পিতাল হব লাগে, এখন পুলিচ থানা হব লাগে ,এটা ফৰেনেচিক লেবৰটেৰী হব লাগে কিন্তু আজিলৈকে কোনো এখন চৰকাৰেই এইখিনি পূৰণ নকৰিলে। গতিকে জাষ্টিছ শকুন্তলা দেৱীৰ চুপাৰিষ্ট চৰকাৰে সোনকালে কাৰ্যকৰী কৰিব লাগে । চৰকাৰে যিমান বিলাক ধৰ্ষণকাৰী আছে গোটেইবিলাকক যাতে ৯০ দিনৰ ভিতৰত জামিন নিদিয়ে, যেতিয়া লৈকে কেচ শেষ নহয় তেতিয়ালৈকে তেওঁলোকক ৰাখিব লাগিব আৰু ফাঁচী দিব লাগিব।”

এটাৰ পাছত এটাকৈ ধৰ্ষণ কার্য সংঘটিত হৈয়ে আছে কিন্তু চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । ধৰ্ষণ কার্যৰ শাস্তিৰ প্ৰক্ৰিয়াটো লেহেমীয়া হোৱাৰ বাবে ধৰ্ষণ দিনে দিনে বৃদ্ধি পাই গৈছে।

ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিয়াক লৈও ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী দলটোৱে। তেওঁলোকে কয় ” নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ ইছ্যু ক্ৰিয়েট কৰিলে কিন্তু ডবকা কাণ্ডৰ পাছত মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব বা শিলাদিত্যৰ কোনো মন্তব্য নাই। এই প্ৰতিবাদৰ দ্বাৰা কব বিছাৰিছো আমি ইয়াতকৈ বহলভাৱে আন্দোলন কৰিব লাগিব। আমি আৰু পুনৰ ডবকা কাণ্ড নিবিচাৰোঁ।”

প্ৰতিবাদী দলটোৱে আৰু কয় যে ধৰ্ষণৰ সম্পৰ্কত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু আৰক্ষীৰ ভূমিকাও সন্দেহজনক। ডবকা কাণ্ডৰ লগত জড়িত সকলোকে শাস্তি দিয়ক । তেওঁলোকক মুকলি আকাশৰ তলত এৰি দিব নালাগে । তেনে কৰিলে তেওঁলোকে পুনৰবাৰ সাহস পাব তেনে কাম কৰিবৰ বাবে। চচিয়েল মিডিয়াৰ জৰিয়তে ধৰ্ষণ কৰি নিৰ্লজ্জভাৱে এৰি দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ শক্তিশালী হব লাগে আৰু ভৱিষ্যতে যাতে কোনো নাৰী ধৰ্ষিতা নহয় তাৰ বাবেও চৰকাৰলৈ তেওঁলোকে আহ্বান জনায়।