আমিনুৰৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৮ অক্টোবৰ

উজনিৰ সন্ত্ৰাস সৃষ্টিকাৰী ৬ কূখ্যাত ডকাইত শিৱসাগৰ আৰক্ষীৰ জালত৷ বুধবাৰে মাজনিশা শিৱসাগৰ আৰক্ষীয়ে যোৰহাটত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ডকাইতৰ দলটো। উদ্ধাৰ ধন লুটত ব্যৱহৃত ৬ খনকৈ বাইকৰ লগতে, ১০ টাকৈ মৱাইল ফোন।

সুদীৰ্ঘ ৬ টা বছৰ ধৰি উজনি অসমৰ কেইবাখনো জিলাত দিন ডকাইতিৰে সন্ত্ৰাস চলাই অহা মষ্ট ৱান্টেড ডকাইতৰ দলটো অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল৷ শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই পৰিকল্পনা কৰি জালত পেলাবলৈ সক্ষম হোৱা কূখ্যাত ডকাইতৰ দলটোৰ ৫ জন সদস্য ওৰিষ্যাৰ আৰু এজন অন্ধ্ৰ প্ৰদেশৰ৷ শিৱসাগৰ আৰক্ষীয়ে বুধবাৰে শিৱসাগৰ নগৰৰ কলনি ষ্টেট বেংকৰ সমীপৰ পৰা কৌশলী অভিযান চলাই কৰায়ত্ব কৰিছিল চাহিল দাস আৰু এ ৰকী নামৰ দুজন ডকাইতক৷ উক্ত ডকাইত দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশাৰ ভাগত যোৰহাটত অভিযান চলাই এখন হোটেলৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৪ জনকৈ ডকাইত৷ আটকাধীন ডকাইত কেইজন চাহিল দাস, এ ৰকী, কৈলাশ দাস, আওলা অলিভা, ডি ৰৱী, আৰু এ জগপট্টী৷ ডকাইত কেইজনক যোৰহাট সবাইবন্ধাৰ অনুপ বৰুৱা নামৰ এজন ব্যক্তিৰ ঘৰত ভাৰাতীয়া হিচাপে বাস কৰি আছিল৷ বিগত ৬ টা বছৰ ধৰি যোৰহাটৰ বিভিন্নস্থানত ভাড়াতীয়া হিচাপে বাস কৰি উজনিৰ অসমৰ জিলা সমূহত বেংকৰ পৰা ওলাই অহা গ্ৰাহকৰ পৰা ধন লুটি আহিছিল দলটোৱে।

শিৱসাগৰ আৰক্ষীৰ এই সফল অভিযানৰ নেতৃত্ব প্ৰদাণ কৰিছিল সদৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত বৰা আৰু টি এচ আই জ্যোতিস্মান নেওগ৷ আৰক্ষীয়ে ডকাইত কেইজনৰ জিম্মাৰ পৰা ৩ খন পালচাৰ বাইক, ১০ টা মৱাইল ফোনৰ লগতে বহু অপত্তিজনক সমগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ১০৮২ নম্বৰৰ গোচৰৰ ভিত্তিত আটাই কেইজন ডকাইতক ১০ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰি আদালতত হাজিৰ কৰা হয় বুলিই জানিব পৰা গৈছে৷