উত্তৰাখণ্ডৰ কেদাৰনাথত এম১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

উত্তৰাখণ্ড, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ কেদাৰনাথ মন্দিৰৰ নিৰ্মাণকাৰ্যৰ লগত জড়িত বায়ুসেনাৰ এম১৭ হেলিকপ্টাৰ মঙলবাৰে পুৱা প্ৰায় ৮ বজাত উত্তৰাখণ্ডৰ কেদাৰনাথত দুর্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও হেলিকপ্টাৰখনৰ যথেষ্ট ক্ষতিসাধন হয়। দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰখন কেদাৰনাথ মন্দিৰৰ নিৰ্মাণকাৰ্যৰ লগত জড়িত সামগ্ৰীলৈ গুপ্তকাশীৰ পৰা কেদাৰনাথলৈ গৈ থাকোতে দুৰ্ঘটনাগ্ৰস্ত হয়। জানিব পৰা মতে হেলিকপ্টাৰখনত ১৬ জনকৈ লোক আছিল আৰু দুর্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখনৰ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণৰ অনুসন্ধানৰ বাবে বায়ুসেনাই আদেশ দিছে।

Comments

comments

You may also read!

অখিল গগৈৰ বাবে উজনি অসমত ঘৰে ঘৰে বন্তি প্ৰজ্বলন

গুৱাহাটী ৯ জুলাই কৃষক নেতা অখিল গগৈৰ বাবে উজনি অসমৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলন। কাৰাগাৰৰ ভিতৰত অসুস্থ নেতা গৰাকীৰ আশু আৰোগ্য

Read More...

আজিও সাঙিৰে ৰোগী কঢ়িয়াই নিবলৈ বাধ্য চৰাঞ্চলৰ ৰাইজ

আব্দুল হক নগৰবেৰা  ৯ জুলাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বহু অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাই গ্ৰাম্যাঞ্চল কিম্বা চৰাঞ্চলত।এম্বুলেঞ্চৰ অভাৱত গ্ৰাম্যাঞ্চল আৰু চৰাঞ্চলৰ লোকে

Read More...

গড়কাপ্টানী বিভাগৰ চূড়ান্ত গাফিলতিত বিধ্বস্ত ঐতিহাসিক কনছেং বৰপাত্ৰ গোহাঁই পথ

সুৰেণ বুঢ়াগোঁ‌হাই চৰাইদেউ ৯ জুলাই পৰিবৰ্তনৰ শ্লোগানেৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকাল সমাপ্তৰ পথত। ২০২১ বর্ষত পুনৰ নিৰ্বাচনৰ বাবে প্ৰস্তুত

Read More...

Mobile Sliding Menu

error: Content is protected !!