গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : অসম তথা উত্তৰ পূৱৰ ৰাইজক উপযুক্ত মূল্যত হেণ্ড ছেনিটাইজাৰ আৰু মাস্ক যোগান ধৰাৰ উদ্দেশ্যে কেমিষ্ট এণ্ড ড্ৰাগিষ্টচ এছ’ছিয়েচন অফ আসাম’ ৰ ফলৰ পৰা গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ। ৰাইজৰ বাবে হেণ্ড ছেনিটাইজাৰ আৰু মাস্ক কেমিষ্ট এণ্ড ড্ৰাগিষ্টচ এছ’ছিয়েচন অফ আসামে স্বীকৃতি প্ৰাপ্ত সকলো খুচুৰা ফাৰ্মাচিত উপলব্ধ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

সাম্প্ৰতিক সময়ত মানৱ জাতিক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা সবাতোকৈ প্ৰয়োজনীয় সামগ্ৰী সমুহৰ ভিতৰত অন্যতম সামগ্ৰী হৈছে হেণ্ড ছেনিটাইজাৰ আৰু মাস্ক। প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মানুহৰ মাজত হেণ্ড ছেনিটাইজাৰ আৰু মাস্কৰ চাহিদা বৃদ্ধি পোৱাৰ পিছৰে পৰা বজাৰত হেণ্ড ছেনিটাইজাৰ আৰু মাস্কৰ নাটনি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। সুযোগ বুজি কিছুমান কলা ব্যৱসায়ীয়ে ইচ্ছা অনুযায়ী মূল্যবৃদ্ধি কৰিছে হেণ্ড ছেনিটাইজাৰ আৰু মাস্কৰ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক উপযুক্ত মূল্যত হেণ্ড ছেনিটাইজাৰ আৰু মাস্ক যোগান ধৰাৰ উদ্দেশ্যে কেমিষ্ট এণ্ড ড্ৰাগিষ্টচ এছ’ছিয়েচন অফ আসাম’ ৰ ফলৰ পৰা গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ। কেমিষ্ট এণ্ড ড্ৰাগিষ্টচ এছ’ছিয়েচন অফ আসামে কভিড-১৯ কৰ’ণা ভাইৰাছ সম্বন্ধত হাইদ্ৰজেনিক সামগ্ৰী সমূহ যেনে হেণ্ড ছেনিটাইজাৰ, মাস্ক আদি এই এছ’ছিয়েচনৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত সকলো খুচুৰা ফাৰ্মাচিত উপলব্ধ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কেমিষ্ট এণ্ড ড্ৰাগিষ্টচ এছ’ছিয়েচন অফ আসাম’ ৰ মিডিয়া অধ্যক্ষ ডাঃ এন এন আগৰৱালা আৰু সচিব জিন্টু বৰ্মনে গ্ৰাহকক উদেশ্যি আৰু কয় যে চৰকাৰৰ দ্বাৰা নিৰ্ধাৰণ কৰি দিয়া মূল্যত তেওঁলোকৰ স্বীকৃতি প্ৰাপ্ত ফাৰ্মাচী সমূহত হেণ্ড ছেনিটাইজাৰ আৰু অন্যান্য সামগ্রী যেনে হাত ধোৱা চাবোন, ডেটল, আদি গ্ৰহকে ক্ৰয় কৰিব পাৰিব’।

আনহাতে, জি আৰ ফাৰ্মাৰ্চিটিকেলৰ ফলৰ পৰা ঘনশ্যাম ধানুকাই কয় যে উত্তৰ পূৱৰ গ্ৰহকৰ বাবে হেণ্ড ছেনিটাইজাৰ, মাস্ক আৰু অন্যান্য সামগ্রী সমূহৰ অভাৱ পূৰণ কৰিবলৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী মজুত আছে।