গুৱাহাটী, সংবাদ ৩৬৫, ২৫ এপ্ৰিল : কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ফলত বিশ্বজুৰি লক্ষাধিক লোক মৃত্যুৰ মুখত পৰাৰ সময়তে ৰাজ্যৰ অস্বাভাৱিক হাৰত মৃত্যু ঘটিছে গাহৰিৰ। ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰৰ পৰা নিষিদ্ধ কৰা হৈছে গাহৰি মাংসৰ বিক্ৰী।

বিশ্বজুৰি মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত আছে। চীনত উৎপত্তি ঘটা এই মাৰাত্মক ভাইৰাছ বিয়পিছে ইখনৰ পিছত সিখন দেশলৈ। বৰ্তমান বিশ্বৰ কেইবাখনো দেশত দ্ৰুত গতিত বিয়পিছে কভিড-১৯ কৰ’ণা ভাইৰাছ । মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছক ৰোধিবলৈ বিফল হৈছে আমেৰিকাৰ নিচিনা শক্তিশালী দেশও। ভাৰততো কভিড-১৯ কৰ’ণা ভাইৰাছ বিৰোধী যুদ্ধ অব্যাহত থকাৰ মাজতে অসমেও সন্মুখৰ পৰা চলাই গৈছে এই যুদ্ধখন। ইয়াৰ মাজতে অসমৰ বাবে অন্য এক সমস্যাই মোৰ দাঙি উঠিছে। বিগত কিছুদিনৰ পৰা অসমৰ কেইবাখনো জিলাত অস্বাভাৱিক হাৰত মৃত্যু ঘটিছে গাহৰিৰ। বিশেষকৈ শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, বিশ্বনাথ, যোৰহাট আৰু ধেমাজিত অস্বাভাৱিক হাৰত মৃত্যু ঘটিছে গাহৰিৰ। কভিড-১৯ কৰ’ণা ভাইৰাছৰ আতংকত মাজতে জিলা কেইখনত অস্বাভাৱিক হাৰত গাহৰিৰ মৃত্যু ঘটাত ৰাজ্য চৰকাৰে সমগ্ৰ অসমতে শনিবাৰৰ পৰা নিষিদ্ধ কৰিছে গাহৰি মাংস বিক্ৰী। ৰাজ্যত বৰ্তমানলৈকে ১৯৬৪ টাকৈ গাহৰিৰ মৃত্যু হৈছে আৰু ইয়াৰ ভিতৰত শিৱসাগৰ জিলাতে সৰ্বমুঠ ১১২৪ টা গাহৰিৰ মৃত্যু হৈছে।

ৰাজ্যত অস্বাভাৱিক হাৰত গাহৰিৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ গাহৰিৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে ভূপাললৈ প্ৰেৰণ কৰা হৈছে। ভূপালৰ পৰা তেজৰ নমুনাৰ ফলাফল নহা পৰ্যন্ত ৰাজ্যত গাহৰি মাংসৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। চৰকাৰৰ ফালৰ পৰা পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত ৰাজ্যত বন্ধ থাকিব গাহৰি মাংসৰ বিক্ৰী।