ফজলুৰ ৰহমান

সোণতলী

১ ছেপ্টেম্বৰ

এইবাৰ নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ নহ’লে ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ। স্বাধীনতা ৭৪ বছৰ পিছতো দক্ষিণ কামৰূপ আৰু গোৱালপাৰা সংযোগী সোণতলীৰ জাওঁকটা কলহী নৈৰ ওপৰত এখন দলং নিৰ্মাণ নকৰিলে চৰকাৰে। বাৰিষাই হওক বা খৰালিই হওক সকলো সময়তে যাতায়তৰ ক্ষেত্ৰত ৰাইজ নিৰ্ভৰশীল নাৱৰ ওপৰত। চৰকাৰ আহে আৰু যায়, কিন্তু সমস্যাৰ সমাধান নহয়।

মঙলবাৰে বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত জাওঁকাটা বজাৰ পাৰঘাটত কলহী নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ দাবীত অসম-মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ সদস্য সকলে স্থনীয় ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰী সকলে অসম চৰকাৰ হায় হায়, পকী দলং নিৰ্মাণ কৰক, পকী দলং আমাক লাগিবই, আমাৰ দাবী ন্যায্য দাবী, মিঞা পৰিষদ জিন্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত অসম-মিঞা (অসমীয়া) পৰিষদ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলে চৰকাৰ তথা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে আজি স্বাধীনতাৰ ৭৪ বছৰ পিছতো বৃহত্তৰ জাওঁকাটা-ডেকাচাং অঞ্চলত উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে পিঠি দি অহাৰ লগতে অঞ্চলটোৰ যাতায়ত সুচল কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। ৰাজনৈতিক দলৰ নেতা সকলে কেৱল অঞ্চলটোৰ ৰাইজকলৈ ভোট বেংকৰ ৰাজনীতি কৰি আহিছে সোণতলীৰ জাওঁকাটা কুলহীৰপাৰ আৰু বজাৰপাৰ ঘাটত দৈনিক হাজাৰ হাজাৰ স্কুলীয়া লোকৰ লগতে বিভিন্ন শিক্ষা অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে বিপদ সংকুলভাৱে টুলুকা নাৱৰে যাত্ৰা কৰিব লগীয়া হয়। ৰাইজে বাৰম্বাৰ চৰকাৰক এখন পকী দলং নিৰ্মাণৰ বাবে আবেদন-নিবেদন কৰি আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। উন্নয়ণৰ ঢাক-ঢোল বজাই থকা বিজেপি চৰকাৰে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ কাষেদি জাওঁকাটা কুলহীৰপাৰ বজাৰ পাৰঘাটত কলহী নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰি হেকৰা, ধূপধৰা, গোৱালপাৰালৈ যাতায়তৰ সুবিধা কৰি দিবলৈ চৰকাৰক আহ্বান জনায় অসম-মিঞা (অসমীয়া) পৰিষদ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলে।

এই ক্ষেত্ৰত বকো সমষ্টিৰ স্থানীয় বিধায়িকা নন্দিতা দাসে চলিত বিধানসভাত ৰাইজৰ হকে পকী দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিব লাগে বুলি সংগঠনটোৱে দাবী জনায়। নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ নহ’লে আগন্তক নিৰ্বাচনৰ আগ মুহৰ্তত সংগঠনটোৱে বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধেও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে।