বিলাসীপাৰা, ৩ মে :  ধুবুৰী জিলাৰ বিলাসীপাৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অধীনস্থ গ্ৰাম্য এলেকাত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ত শিক্ষকৰ অভাৱত পাঠদান ব্যাহত হৈ পৰিছে। নায়েৰ আলগা, বয়জেৰ আলগা, মায়াৰ চৰ আদি এলেকাত কিছুমান বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অধিক যদিও শিক্ষক মাত্ৰ এজন৷ উল্লেখ্য যে, বয়জেৰ আলগা নৱম খণ্ড আছাদিয়া প্ৰাথমিক বিদ্যালয়ত ১৩৫ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ শিক্ষক এজন, ২০৫৩ নং বয়জেৰ আলগা ছাত্ৰ ছাত্ৰী সংখ্যা ৩৫০ জন আৰু শিক্ষক মাত্ৰ এজন। একেদৰে চলাবান্দা, পশ্চিম কাটালি পাৰা প্ৰাথমিক বিদ্যালয়তো শিক্ষকৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে। আনহাতে গলাকাটা এল পি স্কুল, ১০৭৫ নং বাহিৰ শালমাৰা, সাধুভাষা প্ৰাথমিক বিদ্যালয়ত ৪৫ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে সাতজন পৰ্যন্ত শিক্ষক নিয়োগ কৰিছে বিভাগীয় কৰ্তৃপক্ষই৷ শিক্ষা বিভাগৰ এনেধৰণৰ আজৱ কাণ্ডত চকু কপালত তুলিছে অভিভাৱক তথা সচেতন ৰাইজৰ৷ অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকে বিভিন্ন মেল মিটিং, প্ৰশিক্ষণ, মধ্যহ্ন ভোজনৰ সমস্যাৰ উপৰিও বেংকৰ কাৰ্য্য আদি কৰিব থাকিবলগীয়া হোৱাত পাঠদান ব্যাহত হৈ পৰিছে৷ স্থানীয় ৰাইজ অবিভাৱক সকলে শিক্ষক নিয়োগৰ বাবে সংশ্লিষ্ট শিক্ষা বিষয়া তথা জিলা কৰ্তৃপক্ষক শিক্ষক নিয়োগৰ আবেদন কৰিও বিফল হৈছে। সংখ্যালঘু অধ্যুষিত ধুবুৰী জিলাত ছাত্ৰ-ছাত্ৰ আৰু শিক্ষকৰ অনুপাতক এয়া শিক্ষামন্ত্ৰীৰ বৈষম্য মূলক শিক্ষানীতিৰ অংশ বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷