বাইহাটা, ৩ মে : ১৯৮৮ চনত স্থাপিত এখন বেঙ্ক৷ কিন্তু হঠাৎ এদিনৰ বাবে তাত ওলমিল তলা৷ তলা লগালে বেঙ্ক প্ৰতিস্থানটোৰ ঘৰ ভাৰা দিয়া মালিক তিমেশ্বৰ দাসে৷ দীৰ্ঘদিন ধৰি কোনো সংঘাত নথকা এই বেঙ্ক কতৃপক্ষৰ লগত সংঘাত সৃষ্টি হ’ল এখন বৃহৎ অংকৰ বিদ্যু্ৎ বিলক লৈ৷ প্ৰায় ডেৰ লক্ষাধীক টকাৰ বিলে আনিলে এই সংঘাত৷ বেঙ্কক ঘৰ ভাড়া দিয়া মালিকৰ দাবী ভাড়াঘৰ আৰু বিদ্যুৎৰ বিল সুকীয়াকৈ চুক্তি কৰা আছে৷ সেয়ে এই বৃহৎ অংকৰ বিল মালিক পক্ষই পৰিশোধ কৰাৰ কোনো যুক্তিনাই৷  বেঙ্কৰ ঘৰৰ মালিকৰ নামত বিল অহা সুযোগ গ্ৰহণ কৰি বেঙ্ক কতৃপক্ষই ঘৰৰ মালিক তিমেশ্বৰ দাসক ব্লেকমেইলিঙৰ লগতে অপৰাধী সজোৱাৰ অপচেষ্টাত লিপ্তহোৱাৰ অভিযোগ উত্থাপন কৰিছে তিমেশ্বৰ দাসে৷ অৱশ্যে এই ঘটনা সংঘটিত হোৱাৰ পিছত বাইহাটা চাৰিআলি আৰক্ষী থানা আৰু বাইহাটা চাৰিআলি বৈদ্যুতিক উপসংমণ্ডল কাৰ্য্যলয়ত উক্ত বেঙ্কটোৰ আঞ্চলিক কাৰ্য্যলয়ৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত হয় যদিও সংবাদ মধ্যমৰ পৰা আতৰি থাকে৷ এক বিশেষ সূত্ৰে জানিব পৰামতেমালিক পক্ষৰ সৈতে এই বিল পৰিশোধৰ ক্ষেত্ৰত এই পৰ্যন্ত কোনো ধৰনৰ সু-মীমাংসা হোৱা নাই৷