এমজিএনৰেগাৰ কামৰ নামত ব্যাপক দুৰ্নীতি

In ৰাজ্য
Umra Package

আনিছুৰ আলী

গৌৰিপুৰ 

১২ ছেপ্টেম্বৰ

মহামায়া উন্নয়ন খণ্ডত এমজিএনৰেগাৰ কামৰ নামত ব্যাপক দুৰ্নীতি। সাধুভাষা গাঁও পঞ্চায়তত কবৰস্থানত নাম মাত্ৰ কাম কৰি আচনিৰ সমূদায় ধন আত্মসাৎ কৰাৰ অভিযোগ সভানেত্ৰী নাৰ্জিনা বেগমৰ বিৰুদ্ধে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এমজিএনৰেগাৰ কামৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ খবৰ প্ৰকাশিত হৈ অহাৰ সময়তে এইবাৰ নামনি অসমৰ ধুবুৰী জিলাৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত সাধুভাষা গাঁও পঞ্চায়তৰ বানিয়ামাৰী চতুৰ্থ খণ্ড (বি)ত এমজিএনৰেগাৰ কামৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত সাধুভাষা গাঁও পঞ্চায়তৰ বানিয়ামাৰী চতুৰ্থ খণ্ড (বি)ৰ কৱৰস্থানত ২০১৮-১৯ বৰ্ষত প্ৰায় ৪ লাখ টকা চৰকাৰে মাটি পেলোৱাৰ বাবে আবণ্টন দিছিল যদিও কৱৰস্থানত মাটি পেলোৱাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। শনিবাৰে অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজে অভিযোগ কৰে কৱৰস্থানত মাটি পেলোৱাৰ নামত আবণ্টন দিয়া প্ৰায় ৩,৯৪,৮২১ লাখ টকাৰ ভিতৰত মাত্ৰ ৬০ ট্ৰেক্টৰ মাটি পেলাই সমূদায় টকা আত্মসাৎ কৰিছে পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে। ৰাইজে পঞ্চায়ত সভানেত্ৰী গৰাকীয়ে সংঘটিত কৰা এই ব্যাপক দুৰ্নীতি সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি সভানেত্ৰী নাৰ্জিনা বেগমৰ বিৰুদ্ধে চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্যশনশীলতাৰ কথা কোৱা ৰাজ্যৰ বিজেপি চৰকাৰখনে কৱৰস্থানৰ টকা দুৰ্নীতি কৰা পঞ্চায়ত সভানেত্ৰী নাৰ্জিনা বেগম বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে নে নাই সেয়া সময়তহে লক্ষনীয় হ’ব বুলিও ৰাইজে মন্তব্য কৰে।

You may also read!

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ

Read More...

National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

গুৱাহাটী :  অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০

Read More...

Mobile Sliding Menu