মাজবাটৰ পৰা যতীন নাথ, সংবাদ ৩৬৫, ২৬ মে’ : ওদালগুৰি জিলাৰ ওৰাঙত সোমবাৰে নিশা ওৰাং আৰক্ষীৰ বিশেষ অভিযান। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওৰাং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে প্রায় ২০ কেজি ওজনৰ গাঞ্জা। গাঞ্জা সৰবৰাহৰ লগত জড়িত এজন ব্যক্তিও পৰিলে আৰক্ষীৰ জালত।

কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰসৰ বাবে দেশজুৰি লক ডাউন চলি থকাৰ মাজতে ৰাজ্যত অব্যাহত আছে নিচা জাতীয় সামগ্ৰীৰ বেহা। লক ডাউনৰ সুযোগ গ্ৰহণ কৰি কিছুমান দুষ্টচক্ৰই ৰাজ্যত চলি আছে নিচা জাতীয় সামগ্ৰীৰ বেহা। সোমবাৰে নিশা ওৰাং আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত এক বিশেষ অভিযান চলাই প্ৰায় ২০ কেজি ওজনৰ গাঞ্জাসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰামতে নিশা আঠমান বজাত ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপন খবৰ লাভ কৰি নিয়মীয়া তালাচি চলাই থকাৰ সময়তে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেলাবিলৰ পাকঘৰ ধাৱাৰ ওচৰত ৰৌতা অভিমুখে আহি থকা এ এচ -২৫ -চি চি -৭৫৭৪ নম্বৰৰ এখন টাটা এ চি গাড়ীৰ পৰা প্ৰায় ২০ কেজি ওজনৰ গাঞ্জা জব্দ কৰে।

ওৰাং আৰক্ষীয়ে উক্ত টাটা এ চি গাড়ীখনৰ চালক শিৱ বসুমতাৰীকো আটক কৰি ওৰাং থানালৈ লৈ আহে। গাড়ীখনৰ চালক শিৱ বসুমতাৰী ওৰাং পাওৰীপোটা নিবাসী যোগেন বসুমতাৰীৰ পুত্র বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে বৰ্তমান অধিক তথ্যৰ বাবে গাড়ীখনৰ চালক শিৱ বসুমতাৰীক জেৰা চলাই আছে।