চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৬মে’ : চৰাইদেউ জিলাৰ বৰহাটত ৬ জনকৈ আলফা (স্বা)ৰ লিংকমেন আটক। অসম আৰক্ষীয়ে ভাৰতীয় সেনাৰ সহযোগত এক যুটীয়া অভিযান চলাই আটক কৰে আলফা (স্বা)ৰ লিংকমেন কেইজনক। আটকাধীন যুৱক কেইজন ক্ৰমে বলদেৱ তেলী, ৰমেন ওৰাং, অমৃত বাৰা, সুমিত বেগ, আজাদ গড় আৰু বিজয় কিষান।

উজনি অসমৰ চৰাইদেউ আৰু ডিব্ৰুগড় জিলাত সঘনে নিষিদ্ধঘোষিত সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম (স্বা)ত নৱ প্ৰজন্মৰ যুৱক যুৱতীসকলক বিভিন্ন কৌশলেৰে নিযুক্তিৰ লগতে সংঘটিত কূটাঘাটক বহু সময়ত সূচাৰুৰূপে সম্পাদিত হোৱাত বিশেষভাবে সহায় কৰাৰ উপৰিও আলফাৰ লিংকমেন হিচাপে কাম কৰি অহা ৬ জনকৈ সদস্যক যোৱা ২৪ মে’ তাৰিখে অসম আৰক্ষীয়ে ভাৰতীয় সেনাবাহিনীৰ সহযোগত এক যুটীয়া অভিযান চলাই আটক কৰে। আটকাধীন যুৱক কেইজন ক্ৰমে বলদেৱ তেলী, ৰমেন ওৰাং, অমৃত বাৰা, সুমিত বেগ, আজাদ গড় আৰু বিজয় কিষান বুলি জানিব পৰা গৈছে৷ আটকাধীন যুৱক কেইজন আদিবাসী সুৰক্ষা সংগ্ৰাম সমিতিৰ নেতা বুলিও জানিব পৰা গৈছে৷ ইয়াৰে বলদেৱ তেলীৰ পৰা আৰক্ষীয়ে ৰাছিয়াত নিৰ্মিত ৭.৬৫ এম.এমৰ এটা পিষ্টল, ২ জাঁই সজীৱ গুলী, মোবাইল, চিম কাৰ্ডসহ বহুতো আপত্তিজনক তথ্য লাভ কৰে৷

আৰক্ষীয়ে আন সদস্য কেইজনৰ পৰাও বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে৷ বৰ্তমান আৰক্ষীয়ে আটকাধীন যুৱক কেইজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।