গুৱাহাটী

২২ আগষ্ট

বহুচৰ্চিত কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি নেতা তথা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আৱাল গৰিয়াই কয় যে কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ মিত্ৰতা হ’লেই বিজেপিৰ শৰণাপন্ন হ’ব লাগিব বহু কংগ্ৰেছ নেতা।

কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ নিৰ্বাচনী মিত্ৰতাই ৰাজনৈতিক কেৰিয়াৰ শেষ কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে গৌৰৱ গগৈ¸ দেৱব্ৰত শইকীয়া¸ অজন্তা নেওগ¸ ৰ‘জলিনা তিৰ্কী¸ ৰূপজ্যোতি কুৰ্মী প্ৰমুখ্যে বহু কংগ্ৰেছ নেতাৰ। ৰাজনীতিত টিকি থাকিবলৈ এই সকল নেতা শৰণাপন্ন হ’ব লাগিব বিজেপিৰ। কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য বিজেপি নেতা তথা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আৱাল গৰিয়াৰ। নেতাগৰাকীৰ দাবী¸ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তিতাবৰ সমষ্টিত তৰুণ গগৈ অথবা গৌৰৱ গগৈ¸ নাজিৰা সমষ্টিত দেৱব্ৰত শইকীয়া¸ গোলাঘাট সমষ্টিত অজন্তা নেওগ¸ মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী আৰু সৰুপথাৰ সমষ্টিত ৰ’জলিনা তিৰ্কী পৰাজিত হ’ব। বৰ্তমান কংগ্ৰেছৰ দলখলত থকা এই সমষ্টিকেইটা এইবাৰ বিজেপি দলে দখল কৰিব বুলিও দেৱী কৰিছে বিজেপিৰ সংখ্যালঘু নেতা গৰাকীয়ে। কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ মিত্ৰতাই বিজেপিক লাভান্বিত কৰিব আৰু এই মিত্ৰতাই সৰ্বাধিক ক্ষতি কৰিব কংগ্ৰেছ দলক বুলিও ভৱিষ্যতবাণী কৰে মুমিনুল আৱাল গৰিয়াই।

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমত কংগ্ৰেছ দল অস্তিত্বহীন হৈ পৰিব আৰু বদৰুদ্দিন আজমলৰ দপদপনি বাঢ়িব বুলিও মন্তব্য প্ৰকাশ কৰে বিজেপিৰ সংখ্যালঘু নেতা গৰাকীয়ে। আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০০ খনৰো অধিক আসন দখলৰ লক্ষ্যত উপনীত হ’ব বুলিও মন্তব্য কৰে মুমিনুল আৱাল গৰিয়াই।