কোকৰাঝাৰ, সংবাদ ৩৬৫, ৩ জুলাইঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দুমবজাৰত সোমবাৰে নিশা কচুগাঁও বন সংমণ্ডলৰ বনকৰ্মীয়ে অভিযান চলাই পাঁচ লক্ষাধীক টকাৰ চোৰাং শাল কাঠৰ কুণ্ড জব্দ কৰিবলৈ সক্ষম হয়৷ এক বিশেষ তথ্যৰ আত ধৰি সোমবাৰে নিশা প্ৰায় দহ বজাত কচুগাঁও বনাঞ্চলৰ সুৰক্ষাৰ দায়িত্বত থকা চেন্ট্ৰেল ৰেঞ্ছৰ বন কৰ্মীৰ দল আৰু কচুগাঁও গ্ৰীণ ফৰেষ্ট কনঞ্জাৰভেচন্ নামৰ স্বেচ্ছা সেৱী সংগঠনৰ কৰ্মী সকলে এজ যৌথ অভিযানত চলাই দুমবজাৰ এলেকাৰ পৰা চোৰাং শালকাঠসহ ভূটানৰ বি পি-১/০৬৪৫ নম্বৰৰ আইচাৰ ট্ৰাক এখন জব্দ কৰে৷ ট্ৰাক খন অবৈধ ভাৱে কচুগাঁও বনাঞ্চলৰ পৰা দহ ডাল প্ৰকাণ্ড শাল গছৰ মূল্যবান কুণ্ডা কঢ়িয়াই নিয়া অৱস্থাত বন বিভাগৰ হাতত ধৰা পৰে৷ বন বিভাগে অবৈধ কাঠসহ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় যদিও আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলিৰ পৰা চোৰাং কাঠৰ বেহাৰ লগত জড়িত ব্যক্তি সকল পলায়ন কৰে। সম্প্ৰতি বন বিভাগে জব্দ কৰা শাল কাঠৰ কুণ্ডাসহ আইচাৰ ট্ৰাকখন কচুগাঁও বনসংমণ্ডলৰ চেন্ট্ৰেল ৰেঞ্ছৰ কাৰ্যলয়ত ৰখা হৈছে।