ৰঙিয়া, সংবাদ ৩৬৫, ৩ জুলাইঃ কামৰূপ জিলাৰ ৰঙিয়াৰ বড়িগোগত এক জঘন্য কাণ্ড সংঘটিত হৈছে। এগৰাকী ১৪ বছৰীয়া বনকৰা কিশোৰীক ধৰ্ষণ কৰি অন্তঃসত্বা কৰিলে এজন লম্পট শিক্ষকে। ভুক্তভোগী কিশোৰীগৰাকীৰ অভিযোগ মতে বড়িগোগ আঞ্চলিক হাইস্কুলৰ শিক্ষক তথা নিজ বড়িগোগ গাঁৱৰ বাসিন্দা প্ৰমোদ দত্তই কিশোৰী গৰাকীৰ পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে কিশোৰী গৰাকীক নিজৰ গৃহত বনকৰা হিচাপে প্ৰায় দুবছৰ পূৰ্বে নিয়োগ কৰিছিল আৰু শিক্ষকজনৰ পত্নী কৰ্মসূত্ৰে বৰপেটাত আৰু অধ্যয়নৰ বাবে গুৱাহাটীত থকাৰ বাবে লম্পট শিক্ষকজনে সপ্তম শ্ৰেণীত পঢ়ি থকা পিতৃহাৰা বনকৰা কিশোৰীগৰাকীৰ লগত প্ৰায় তিনিমাহ পূৰ্বৰ পৰা বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰি আহিছে। লম্পট শিক্ষক গৰাকীৰ কামনাৰ বলি হৈ কিশোৰীগৰাকী দুমহীয়া অন্তঃসত্বা হোৱাত শিক্ষকজনে কিশোৰী গৰাকীক টেবলেট খুৱাই গৰ্ভপাত কৰায়। কিশোৰী গৰাকীয়ে পৰিয়ালৰ লোকক সমগ্ৰ ঘটনা অৱগত কৰাত পৰিয়ালৰ লোকে ৰঙিয়া থানাত অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। গোচৰ ৰুজু হোৱাৰ পিছৰে পৰা অভিযুক্ত শিক্ষকজন পলায়ন কৰে। আৰক্ষীয়ে মঙলবাৰে অভিযুক্ত শিক্ষক জনক বিচাৰি অভিযান চলায় যদিও বৰ্তমানলৈকে শিক্ষক জনক আটক কৰিবলৈ সক্ষম হোৱা নাই।