গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জুলাইঃ ’’যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে’’ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা এই গীতটি ৰচিত। ব্যক্তি এজনে যদি সমাজৰ উন্নয়নৰ বাবে নিজৰ লক্ষ্যত আগবাঢ়ি যায় আৰু তেতিয়া সেই ব্যক্তিজনক সমাজৰ কোনেও আগবাঢ়ি যোৱাত সহায় নকৰে, তথাপিও সেই ব্যক্তিজনৰ যাত্ৰা যাতে থমকি নাযায় তাৰ অনুপ্ৰেৰণা হিচাপে ৰবীন্দ্ৰনাথ ঠাকুৰে এই গীতটি ৰচনা কৰিছিল। আৰু এই অনুপ্ৰেৰণাদায়ক গীতটোৱে অনুপ্ৰেৰিত কৰে দিল্লীৰ এজন যুৱ অভিযন্তাক। আশীষ শৰ্মা নামৰ এজন যুৱ অভিযন্তা। দিল্লীৰ পৰা অকলে খোজকাঢ়ি আহি বৃহস্পতিবাৰে উপস্থিত হয় মহানগৰী গুৱাহাটীত। সমাজৰ প্ৰতিজন শিশুক শিশু ভিক্ষাবৃত্তি বন্ধ কৰি বিদ্যালয়মুখী কৰাৰ এক মহান সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে অকলে এই যাত্ৰা আৰম্ভ কৰিছে আশীষ শৰ্মা নামৰ যুৱ অভিযন্তাজনে। আশীষ শৰ্মাই অভিযন্তা চাকৰি এৰি ২০১৭ চনৰ ২২ আগষ্টৰ পৰা আৰম্ভ কৰে শিশু ভিক্ষাবৃত্তি বন্ধ কৰাৰ যাত্ৰা। ইতিমধ্যে আশীষে জম্মু, হিমাচল, পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গোৱা, বিহাৰ, উত্তৰ প্ৰদেশ, ছিক্কিম আদি ৰাজ্য যাত্ৰা কৰি সম্পূৰ্ণ কৰিছে। যাত্ৰাৰ সময়ত এইগৰাকী যুৱকে প্ৰতিটো ৰাজ্যৰ সাধাৰণ ব্যক্তিৰ পৰা আৰম্ভ কৰি বিদ্যালয়, মহাবিদ্যাল আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক সকলক সাক্ষাৎ কৰি শিশু ভিক্ষাবৃত্তি বন্ধ কৰি শিশু সকলক বিদ্যালয়মুখী কৰাৰ বাবে সজাগ কৰি আহিছে। আশীষে তেওঁৰ এই মহান যাত্ৰাৰ জড়িয়তে ২ কোটি লোকতকৈও অধিক লোকক শিশু সকলক ভিক্ষা নিদিয়াৰ শপত গ্ৰহণ কৰাইছে। আশীষ নিজৰ এই অভিযানৰ জড়িয়তে দেশৰ সকলো প্ৰান্তত থকা শিশু সকলক ভিক্ষা বৃত্তিৰ পৰা মুক্ত কৰাৰ লগতে শিক্ষা প্ৰদান কৰি প্ৰতিটো শিশুকে দেশৰ সম্পদ হিচাপে গঢ়ি তোলাৰ সপোন দেখিছে। আশীষ জানো অকলে সমাজখন পৰিৱৰ্তন কৰিব পাৰিব? যাত্ৰা আৰম্ভ পূৰ্বে এই প্ৰশ্নই আশীষৰ মনতো খুন্দিয়াইছিল কিন্তু কবিগুৰুৰ একলা চলো ৰে গীতটোৱে আশীষক অনুপ্ৰেনিত কৰিছিল আৰু আশীষৰ মনলৈ বিশ্বাস আহিছিল যে যেতিয়া মানুহে জানিবলৈ পাব যে এজন যুৱকে অকলে সমগ্ৰ দেশত খোজকাঢ়ি শিশু ভিক্ষাবৃত্তি বন্ধ কৰিবলৈ ওলাইছে তেতিয়া নিশ্চয়ই মানুহ সজাগ হ’ব। আশীষ নিজৰ এই সপোন বাস্তবিত কৰাৰ বাবে ইতিমধ্যে ভিক্ষা বৃত্তিৰ লগত জড়িত থকা কেইবাগৰাকী শিশুক নিজৰ ব্যক্তিগত খৰচত বিদ্যালয়ত নাম ভৰ্তি কৰিছে।