নিউজ ডেস্ক, ২২ মে’ ২০২৬ :  উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ নিৰ্মাণ সংস্থাৰ মহাপ্ৰৱন্ধক আশীষ বানসাল ২০ মে’ তাৰিখে একলাখী-বালুৰঘাট আৰু বালুৰঘাট-হিলি খণ্ডত নিৰ্মাণাধীন উন্নয়নমূলক (Developmental) কামকাজসমূহৰ পৰ্যালোচনা কৰাৰ লগতে এক বিস্তৃত সুৰক্ষা আৰু পুংখানুপুংখ নিৰীক্ষণ কৰে। এই পৰিদৰ্শনত বালুৰঘাট-হিলি নতুন ব্ৰড গজ ৰে’লপথ প্ৰকল্পৰ ৰে’লৱে আন্তঃগাঁথনি, ট্ৰেকৰ স্থিতি, ষ্টেচনৰ উন্নয়নমূলক কামকাজ, সেতু, যাত্ৰীৰ সুবিধা, পৰিচালনগত প্ৰস্তুতি আৰু সামগ্ৰিক অগ্ৰগতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

পশ্চিমবঙ্গৰ দক্ষিণ দিনাজপুৰ জিলাত নিৰ্মাণাধীন বালুৰঘাট-হিলি নতুন ব্ৰড গজ ৰে’লপথ প্ৰকল্পৰ মুঠ দৈৰ্ঘ্য ২৯.২৫৭ কিলোমিটাৰ। প্ৰায় ১১৮১.০৯ কোটি টকাৰ ব্যয়ে ৰূপায়ণ হৈ থকা এই প্ৰকল্পটোৰ মূল লক্ষ্য হৈছে অঞ্চলটোৰ ৰে’ল সংযোগ অধিক শক্তিশালী কৰা আৰু আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰা। এই প্ৰকল্পটোৰ বাবে ১৫৬.৩৮ হেক্টৰ ভূমিৰ অধিগ্ৰহণৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হৈছে আৰু অধিগৃহীত ভূমি ইতিমধ্যে ৰে’লৱেৰ হাতত হস্তান্তৰ কৰা হৈছে। প্ৰকল্পটোৰ অধীনত ১১ খন বৃহৎ সেতু, ৪৩ খন সৰু সেতু, ষ্টেচন ভৱন, ৰোড অভাৰ ব্ৰিজ (আৰঅবি), ৰোড আণ্ডাৰ ব্ৰিজ (আৰইউবি), কৰ্মচাৰী আবাসগৃহ, ট্ৰেকৰ গঠন আৰু অন্যান্য সংশ্লিষ্ট ৰে’লৱেৰ আন্তঃগাঁঠনি নিৰ্মাণৰ ব্যৱস্থা অন্তৰ্ভূক্ত কৰা হৈছে। প্ৰকল্পটোৰ সময়মতে সম্পূৰ্ণতা নিশ্চিত কৰাৰ লক্ষ্যৰে বিভিন্ন খণ্ডত নিৰন্তৰভাৱে উন্নয়নমূলক কাম-কাজ আগবঢ়াই নিয়াৰ কাম চলি আছে।

এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য তাৰিখ ২০২৭ চনৰ মাৰ্চ মাহত ধাৰ্য কৰা হৈছে। নিৰীক্ষণৰ সময়ত ভৱিষ্যতে সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য ৰে’ল চলাচল নিশ্চিত কৰাৰ লক্ষ্যৰে সুৰক্ষা মানদণ্ড, নিৰ্মাণকাৰ্যৰ গুণগত মান, সেতু নিৰ্মাণৰ অগ্ৰগতি, ষ্টেচন আন্তঃগাঁথনি, প্ৰয়োজনীয় সুবিধাসমূহৰ স্থানান্তৰ আৰু পৰিচালনাগত প্ৰস্তুতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। আশীষ বানসালে প্ৰকল্পটোৰ অধীনত ৰূপায়ন হৈ থকা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক কামকাজসমূহৰ অগ্ৰগতিৰো পৰ্যালোচনাও কৰে। ইয়াৰ ভিতৰত বৃহৎ সেতু, সৰু সেতু, ৰোড অভাৰ ব্ৰিজ, ৰোড আণ্ডাৰ ব্ৰিজ আৰু ষ্টেচন সম্পৰ্কীয় উন্নয়নমূলক কামকাজসমূহ অন্তৰ্ভূক্ত আছিল।

বালুৰঘাট-কুমেদপুৰ আৰু লাভা-কুমেদপুৰ খণ্ডত নিৰ্মাণাধীন ইঞ্জিনিয়াৰিং, সামগ্ৰী সংগ্ৰহ আৰু নিৰ্মাণ (ইপিচি) কামকাজসমূহৰ মূল্যায়ন কৰা হয়। ২১ মে’ তাৰিখে ট্ৰলী পৰিদৰ্শন কাৰ্যও অব্যাহত ৰখা হয় যাতে সুৰক্ষাৰ দিশসমূহ আৰু নিৰ্মাণাধীন উন্নয়নমূলক কামকাজৰ অগ্ৰগতিৰ অধিক পৰ্যালোচনা কৰিব পৰা যায়। এই পৰিদৰ্শন কাৰ্যসূচীত মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ লগতে কাটিহাৰ মাণ্ডলিক বিষয়াবৰ্গও উপস্থিত থাকে। এই পৰিদৰ্শনে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ৰে’লৱে আন্তঃগাঁথনি সুদৃঢ়কৰণ, সুৰক্ষাৰ মানদণ্ড উন্নতকৰণ আৰু অঞ্চলটোত সুৰক্ষিত, দ্ৰুত আৰু অধিক কাৰ্যক্ষম ৰে’ল সেৱা উপলব্ধ কৰাৰ বাবে উন্নয়নমূলক কামকাজসমূহ ত্বৰান্বিত কৰাৰ দিশত এই ৰে’লৱেৰ দৃঢ় প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।