কলগাছিয়া, সংবাদ ৩৬৫, ১৪ অক্টোবৰ: কলগাছিয়াৰ লাংলা বি বি মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শনিবাৰে নিশা পুনৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। কলেজ কৰ্তৃপক্ষই পুনৰ ভোট গণনা নিদিয়াক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ কৰাৰ লগতে শনিবাৰে নিশা ১২ বজালৈকে সকলো নিৰ্বাচনী বিষয়াৰ লগতে কলেজ কৰ্তৃপক্ষক আবদ্ধ কৰি ৰাখে। উল্লেখ্য যে, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী ছানিদুল ইছলামে ১০৭, ইনামূল হক ১০৬ আৰু আছিফ মহম্মদ ইকবালে লাভ কৰিছে ১০৪ ভোট। নিৰ্বাচনী নিয়ম অনুসৰি জয়ী আৰু পৰাজিত প্ৰাৰ্থীৰ ভোটৰ ব্যৱধান ৫টা ভোটতকৈ কম থাকিলে আধা ঘণ্টাৰ ভিতৰত পুনৰ ভোট গণনা বিচাৰি আবেদন পত্ৰৰ সৈতে ১০ হেজাৰ টকা জমা দিলে পুনৰ ভোট গণনা দিয়া হব বুলি নিৰ্বাচনী নিৰ্দেশনাত উল্লেখ। পৰাজিত প্ৰাৰ্থীয়ে আবেদন আৰু মাচুল সময়মতে জমা কৰাৰ পিছতো পুনৰ পুনৰ ভোট গণনা নিদিয়াত ছাত্ৰী-ছাত্ৰী আৰু পৰাজিত প্ৰাৰ্থীৰ সমৰ্থকে শনিবাৰে নিশা মহাবিদ্যালয়ৰ গেটৰ সন্মুখত ধৰ্ণা দি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে নিৰ্বাচনী বিষয়া সকলক নিশা ১২ বজা লৈকে আবদ্ধ কৰি ৰাখে। অৱশেষত কলেজ কৰ্তৃপক্ষই শনিবাৰে নিশা ১২ বজাত ছাত্ৰ-ছাত্ৰীৰ ওচৰত সেও মানি সোমবাৰে পুনৰ ভোট গণনা কৰা হব বুলি ঘোষণা কৰে। উল্লেখ্য যে, এজন প্ৰাৰ্থীৰ ৫৯ টা ভোট কৰ্তন কৰাত এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থী ১টা ভোটত জয়ী হয় আৰু প্ৰাৰ্থীৰ চহী নোলোৱাকৈ বেলট বক্স ছিল কৰা হয় বুলি অভিযোগ কৰে ছাত্ৰ-ছাত্ৰীসকলে।