কাকপথাৰৰ পৰা দ্বীপেন লহকৰ, সংবাদ ৩৬৫, ১৪ অক্টোবৰ: তিনিচুকীয়া জিলাৰ ডাঙৰীৰ ৫ জন আছু কৰ্মীক ১৯৯৪চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত শোৱাপাটীৰ পৰা উঠাই নি ২৩ ফ্ৰেব্ৰুৱাৰীত ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আলফা সজাই নিৰ্মমভাৱে হত্যা কৰিছিল ভাৰতীয় সেনা বাহিনীৰ ১৮ নং পঞ্জাৱ ৰেজিমেণ্টে। এই ভুৱা সংঘৰ্ষত নিৰ্মমভাৱে হত্যা কৰাৰ পাছত শ্বহীদ হৈছিল প্ৰবীন সোণোৱাল, প্ৰদীপ দত্ত,দেৱজিৎ বিশ্বাস, অখিল সোণোৱাল আৰু ভৱেন মৰাণ৷ ইয়াৰ পিছত পাঁচজন আছু কৰ্মীক পঞ্চ শ্বহীদ ঘোষণা কৰি দোষীক উপযুক্ত শাস্তিৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰিছিল। সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি জগদীশ ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্চ শ্বহীদৰ ন্যায় বিচাৰি এক গোচৰ তৰি ন্যায় বিছাৰিছিল৷ জগদীশ ভূঞাৰ গোচৰৰ ভিত্তিত চিবিআইক ন্যায়ালয়ে নিৰ্দেশ দিছিল গোচৰ নিষ্পত্তি কৰিবলৈ৷ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চিবিআইয়ে ভাৰতীয় সেনাৰ দিনজানস্থিত মাৰ্ছেল আদালতৰ জৰিয়তে ২৪ বছৰৰ মূৰত শনিবাৰে ৰায়দানৰ চূড়ান্ত শুনানি প্ৰক্ৰিয়া চলাই। সেনাৰ আদালতে ১৮নং পঞ্জাৱ ৰেজিমেণ্টৰ ৭ গৰাকী দোষী বিষয়া-জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়াৰ তথ্য সদৰী কৰিছে পঞ্চ শ্বহীদৰ অধিবক্তা মেজৰ কৰণ সিঙে৷ উল্লেখ্য যে, পঞ্চ শ্বহীদৰ দৰে বহু নিৰীহ যুৱকক ভুৱা সংঘৰ্ষৰ ৰূপ দি আলফা সজাই সেনাই হত্যা কৰিছিল।