নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : কাগজ কলৰ কৰ্মচাৰী সকলৰ ভৱিষ্যনিধিৰ ধন মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুনানি গ্ৰহণ কৰি এসপ্তাহৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰী সকলৰ ভৱিষ্যনিধিৰ ২০ শতাংশ ধন মোকলাই দিবলৈ চৰকাৰক নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে।

বিশ্বজুৰি কভিড-১৯ কৰ’ণা ভাইৰাছৰ তাণ্ডৱ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰততো অব্যাহত আছে লক ডাউন। যোৱা ২৪ মাৰ্চৰ পৰা চলি থকা লক ডাউনৰ ফলত দেশৰ দুখীয়া শ্ৰেণীৰ ৰাইজৰ মাজত তীব্ৰ খদ্য সংকট দেখা দিছে। অসমৰ দুটাকৈ বন্ধ হৈ থকা কাগজ কলৰ কৰ্মচাৰী সকলৰ ওপৰতো লক ডাউন ভূতৰ ওপৰত দানব পৰা দি পৰিছে। সংকটৰ এই সময়ত কাগজ কল দুটাৰ কৰ্মচাৰী সকল দুবেলা দুমুঠিৰ বাবে নিৰ্ভৰ কৰিব লগা হৈছে আনৰ সাহায্যৰ। ইয়াৰ মাজতে ৰাজ্যৰ কাগজ কল দুটাৰ কৰ্মচাৰী সকলক কিছু সকাহ প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুনানি গ্ৰহণ কৰি এসপ্তাহৰ ভিতৰত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ ভৱিষ্যনিধিৰ ২০ শতাংশ ধন এসপ্তাহৰ ভিতৰত মোকলাই দিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে। ন্যায়ালয়ে লগতে মে’ মাহৰ ২০ তাৰিখৰ ভিতৰত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ সকলো অনাদায় ধন মোকলাই দিবলৈ চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে, নগাঁও আৰু কাছাৰ কাগজ কল যোৱা ৪০ মাহে বন্ধ হৈ থকাৰ ফলত কাগজ কল দুটাৰ প্ৰায় ১২০০ কৰ্মচাৰী ৪০ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আছে। দৰমহাৰ পৰা বঞ্চিত হৈ থকাৰ বাবে কল দুটাৰ কৰ্মচাৰী সকলকৰ অৱস্থা পানীত হাঁহ নচৰা হৈ আছে। কল দুটাক দেউলিয়া ঘোষণা কৰাৰ পিছতে নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলে নিজৰ প্ৰাপ্য বিচাৰি দ্বাৰস্থ হৈছে ন্যায়ালয়ৰ।