শিলচৰ 

২২ মে’

কাছাৰৰ আৰক্ষী অধীক্ষক আই পি এছ বিষয়া বৈভৱৰ চিণ্ডিকেটৰ বিৰুদ্ধে অভিযান৷ দায়িত্ব গ্ৰহণৰ পিছতেই নিজৰ কৰ্ম-দক্ষতাৰে ১৩ খন অৱৈধ চুন-শিল ভৰ্ত্তি ট্ৰাক জব্দ কৰিলে কাছাৰৰ নতুন আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বালকৰে। বিগত কেইবাবছৰো ধৰি কয়লা, সাৰ, চুপাৰিৰ ৰমৰমীয়া বেপাৰেৰে কাছাৰত চলি আছিল চূন-শিলৰ চিণ্ডিকেটৰাজ৷

প্ৰতিদিনেই শতাধিক চূন-শিল ভৰ্তি ট্ৰাকে অবৈধভাৱে মেঘালয়ৰ পৰা কাছাৰৰ দিগৰখাল হৈ বৰাক উপত্যকাত প্ৰৱেশ কৰি আহিছে৷ তদুপৰি প্ৰতিখন ট্ৰাকত থাকে অতিৰিক্ত বোজা৷ মেঘালয়ৰ পৰা অহা চূন-শিল নিয়া ট্ৰাকৰ কেইবাবছৰো ধৰি কাছাৰত গঢ়ি উঠিছে এক বৃহৎ চিণ্ডিকেট৷ চিণ্ডিকেট চক্ৰটোৱে অবৈধ ট্ৰাকসমূহ বৰাকৰ বিভিন্ন স্থানৰ লগতে কৰিমগঞ্জ হৈ বাংলাদেশতো এই বেহা বিস্তাৰ কৰি আহিছে৷ যাৰ ফলত এক বৃহৎ অংকৰ ধন সংগ্ৰহ কৰি আহিছে চিণ্ডিকেট চক্ৰটোৱে৷

বিগত কেইবাবছৰো ধৰি বৰাকত চূন-শিলৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ পৰিপ্ৰেক্ষিতত কোনেও আজিলৈকে এই চিণ্ডিকেটৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে৷ তদুপৰি কাছাৰত চলি থকা এই চূন-শিল চিণ্ডিকেটৰ বিৰুদ্ধে অভিযানত নামিল এইবাৰ কাছাৰৰ নতুন আৰক্ষী অধীক্ষক নিম্বালকৰ৷ বৃহস্পতিবাৰে আই পি এছ বিষয়া গৰাকীয়ে হঠাৎ অসম-মেঘালয়ৰ সীমান্তবৰ্তী দিঘৰখালত এই চিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলাই ১৩ খন অৱৈধ চূন-শিল ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাক কেইখনৰ চালককো আটক কৰে৷

জানিব পৰা মতে, জব্দ হোৱা ট্ৰাককেইখনৰ কোনো ধৰণৰ বৈধ নথিপত্ৰ নথকাৰ লগতে ট্ৰাক কেইখনত আছিল আত্যাধিক বোজা৷ আৰক্ষী অধীক্ষক বৈভৱ নিম্বালকৰৰ এনে হঠাৎ অভিযানত চিণ্ডিকেট চক্ৰত তীব্ৰ জোকাৰণি সৃষ্টি হৈছে৷ আনহাতে কাছাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বালকৰ চিণ্ডিকেটৰ বিৰুদ্ধে উক্ত পদক্ষেপত স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে বিষয়াগৰাকীৰ এনে পদক্ষেপক শুভেচ্ছা জনাইছে৷