জোনমণি বেগম
বিশ্বনাথ
২১ মে’

সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। দেশত প্ৰতিদিনে কেইবা লক্ষাধিক লোক ক’ভিডত আক্রান্ত হৈ থকাৰ সময়তে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ ক’ভিড ৰোগী। এফালে চিকিৎসালয় সমূহত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে ঠাইৰ অভাৱ আনফালে অক্সিজেনৰ নাটনিয়ে পৰিস্থিতি অধিক বেয়াৰ ফালে লৈ গৈছে। দেশৰ অন্যান্য প্ৰান্তৰ তুলনা ক’ভিডৰ সংক্ৰমণৰ হাৰ অসমত কম যদিও অসমৰ পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটা পৰিলক্ষিত হৈছে।

অসমৰ বিশ্বনাথ জিলাতো প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। ইতিমধ্যে সমগ্ৰ জিলাখনতে প্ৰায় পোন্ধৰশ লোক মাৰাত্মক ক’ভিডত আক্রান্ত হৈছে। আনহাতে বর্তমানলৈকে বিশ্বনাথ জিলাত বিশজনকৈ ক’ভিড ৰোগীদৰে প্ৰাণ হেৰুৱাইছে যদিও আচৰিত বিষয় এইটোয়ে যে দহ লাখতকৈ অধিক জনসাধাৰণ বসৱাস কৰা এই বিশ্বনাথ জিলাখনত জৰুৰী কালিন সময়ৰ বাবে নাই ভেণ্টিলেটৰৰ বিশেষ ব্যবস্থা।

জৰুৰীকালীন সময়ত বিশ্বনাথ জিলাৰ জনসাধাৰণৰ ভেণ্টিলেটৰ আৰু আই চি ইউৰ প্ৰয়োজন হ’লে প্ৰেৰণ কৰিব লগে শোণিতপুৰ জিলালৈ। এই সমস্ত বিষয় সন্দৰ্ভত বিশ্বনাথ জিলাৰ স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালকক সাংবাদিকে প্ৰশ্ন কৰাত সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে যে জিলাখনত যোৱা বছৰে বিশ্বনাথ মহকুমা চিকিৎসালয়ৰ দুখত বেডত ভেণ্টিলেটৰ লগোৱা হৈছিল যদিও অন্যান্য কাৰণত সেই বেড দুখনও কাৰ্যক্ষম কৰিবলৈ সক্ষম হোৱা নাই জিলা স্বাস্থ্য বিভাগে।

এতিয়া প্ৰশ্ন হ’ল মাৰাত্মক ক’ভিডৰ এই সংকটজনক অৱস্থাতো কেৱল অক্সিজেন চিলিণ্ডাৰৰেই চিকিৎসা সেৱা আগবঢ়াই যাব নেকী বিশ্বনাথ জিলা স্বাস্থ্য বিভাগে ? পূৰ্ণ পৰ্যায়ৰ জিলা এখনত স্বাস্থ্য বিভাগত পৰ্যাপ্ত সুবিধা নথকাৰ বাবেই প্ৰতি দিনে নিজৰ আত্মীয়ক হেৰুৱাব লগিয়া হ’ব নেকী বিশ্বনাথবাসী ৰাইজে। ক’ভিড সংকটৰ এই ভয়াবহ সময়ছোৱাত নতুন চৰকাৰত স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰা মন্ত্ৰী কেশৱ মহন্তই এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে এইয়া লক্ষ্যণীয় হ’ব।