আনিছুৰ আলী

গৌৰিপুৰ

১১ অক্টোবৰ

ধুবুৰী আৰক্ষী আৰু গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ যৌথ অভিযানত গ্ৰেপ্তাৰ ধুবুৰীৰ কুখ্যাত গো-মাফিয়া আদম আলী।কিছুদিন পূৰ্বে আদম আলীৰ ভাতৃ সাদ্দাম আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

বিগত তিনি মাহে আত্মগোপন কৰি থকা ধুবুৰীৰ কুখ্যাত চোৰাং গৰু ব্যৱসায়ৰ মূল মাফিয়া আদম আলীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) দেবাশীষ চৌধুৰীৰ নেতৃত্বত যোৱা সাত দিন ধৰি আৰক্ষীয়ে গোপনে চলাই থকা অভিযানৰ অন্তত আদম আলী জালত পৰে। অভিযানকাৰী দলটোৱে দেওবাৰে পুৱা গুৱাহাটীৰ হাতীগাঁও গ্লবেল চিকিৎসালয়ৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত চোৰাং গৰু বেহাৰে ধুবুৰীত ত্ৰাসৰ সৃষ্টি কৰা আদম আলীক। ধৃত গো-মাফিয়া আদম আলীক গুৱাহাটীৰ পৰা ধুবুৰীলৈ আনি থকা বুলি জানিব পৰা গৈছে। ইপিনে গো-মাফিয়া আদম আলীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্র আৰু জিলা দণ্ডাধীশৰ নেতৃত্বত আদম আলীৰ গৌৰীপুৰ আৰু বালাজনত থকা বিশাল সম্পত্তিত আৰক্ষীয়ে তালাচি চলায়। তালাচিত আদম আলীৰ ঘৰৰ পৰা পিষ্টলসহ কেইবাটাও এটিএম কাৰ্ড আৰু বহু অপত্তিজনক নথিপত্ৰ আৰক্ষীয়ে জব্দ কৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ধুবুৰী আৰক্ষীয়ে অভিযান চলাই চোৰাং গো-মাফিয়া সাদ্দাম আলীক গ্ৰেপ্তাৰ কৰিছিল। গৌৰীপুৰৰ মাটিয়াবগৰ বাসগৃহৰ পৰা আৰক্ষীয়ে সাদ্দাম আলীক গ্ৰেপ্তাৰ কৰিছিল। সাদ্দাম আলী কুখ্যাত গো-মাফিয়া আদম আলীৰ ভাতৃ।