কাকপথাৰ, সংবাদ ৩৬৫, ১০ জুনঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষীয়ে এক বিশেষ সুত্ৰৰ পম খেদি দেওবাৰে কুখ্যাত ড্ৰাগছ মাফিয়া দেৱজিৎ দহোতীয়াক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে দেৱজিৎ দহোতীয়া কেইবাবছৰ ধৰি ড্ৰাগছ, কানিৰ লগতে বিভিন্ন নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ লগত জড়িত আছিল৷ আৰক্ষীয়ে আটক কৰাৰ সময়ত কুখ্যাত ড্ৰাগছ মাফিয়া জনৰ কবলৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে এখন এআৰ-২০-১৭২৯ নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীও উদ্ধাৰ কৰে৷ ড্ৰাগছ সৰবৰাহকাৰী দেৱজিৎ ড্ৰাগছখিনি গাড়ীখনৰ চকাৰ ওপৰত বান্ধি লুকুৱাই গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। কুখ্যাত ড্ৰাগছ মাফিয়া দেৱজিৎ দহোটীয়াৰ গ্ৰেপ্তাৰক কাকপথাৰ আৰক্ষীৰ এক বিশেষ সফলতা বুলি ৰাইজে প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে তিনিচুকীয়া জিলাৰ সিমামুৰীয়া কাকপথাৰৰ লগতে বৰডুমচা, পেঙেৰীৰ লগতে বিভিন্ন অঞ্চলসমুহত মাদক দ্ৰব্যৰ ব্যাপক প্ৰচলনৰ ফলত যুৱ প্ৰজন্ম এই নিচাজাতীয় সামগ্ৰীৰ আষক্ত হৈ পৰিছে। যোৱা কিছুদিন ধৰি কাকপথাৰ আৰক্ষী থানাৰ নতুন আৰক্ষী বিষয়া জোতিষ্মান নেওঁগ আৰু বৰডুমচা আৰক্ষী থানাৰ আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ সমাজ আৰু যুৱ প্ৰজন্ম ধ্বংসকাৰী এই মাৰাত্মক ড্ৰাগছ আৰু কানিৰ বিৰুদ্ধে সিমামুৰীয়া থানা দুখনৰ আৰক্ষী বিষয়া দুগৰাকীয়ে অভিযান অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে সচেতন মহলে৷