নিউজ ডেস্ক, ৩০ এপ্ৰিল, ২০২৬ : যাত্ৰীসকলৰ বাবে সুৰক্ষিত আৰু স্বাস্থ্যসন্মত খাদ্য নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং (Lumding) মণ্ডলৰ অধীনস্থ ১০ টা ৰে’লৱে ষ্টেচন আৰু মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধকৰ কাৰ্যালয় কেণ্টিনক ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণ (এফএছএছএআই)ৰ দ্বাৰা মৰ্যাদাপূৰ্ণ “ইট ৰাইট ষ্টেচন” প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। এফএছএছএআইৰ নিৰ্দেশনা অনুসাৰে এই প্ৰমাণপত্ৰ ৩০ মাৰ্চ ২০২৬ৰ পৰা ২৯ মাৰ্চ ২০২৮লৈকে বৈধ থাকিব।
এই প্ৰমাণপত্ৰ লাভ কৰা ষ্টেচনসমূহৰ ভিতৰত লামডিং স্থিত মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধকৰ কাৰ্যালয়ৰ কেণ্টিনসহ শিলচৰ (কাছাৰ জিলা), কৰিমগঞ্জ (শ্ৰীভূমি জিলা), নিউ হাফলং (ডিমা হাচাও জিলা), ডিফু (কাৰ্বি আংলং জিলা), লামডিং আৰু লঙ্কা (হোজাই জিলা), চাপৰমুখ (নগাঁও জিলা), জাগীৰোড (মৰিগাঁও জিলা) আৰু সৰুপথাৰ (গোলাঘাট জিলা) ষ্টেচন অন্তৰ্ভূক্ত আছে। এই সমগ্ৰ স্থানত থকা ফুড ষ্টল, কেটাৰিং ইউনিট আৰু খাদ্য নিয়ন্ত্ৰকসকলৰ এক বিস্তৃত অডিট কৰাৰ পিছত এই স্বীকৃতি প্ৰদান কৰা হয়, যি খাদ্য সুৰক্ষাৰ মানদণ্ড, স্বাস্থ্যসন্মত প্ৰস্তুতকৰণ প্ৰক্ৰিয়া, সুৰক্ষিত সংৰক্ষণ, আৱৰ্জনাৰ ফলপ্ৰসূ ব্যৱস্থাপনা আৰু যাত্ৰীসকলৰ বাবে পুষ্টিকৰ খাদ্যৰ উপলব্ধতাক কঠোৰভাৱে অনুপালন কৰাটো নিশ্চিত কৰি তোলে।
এই সফলতাসমূহ হৈছে ৰে’লৱে বিষয়াবৰ্গ, স্বাস্থ্য পৰিদৰ্শক, কেটাৰিং ইউনিট, অনুমোদিত বিক্ৰেতা আৰু ষ্টেচনৰ ব্যৱস্থাপক টীমসমূহৰ মাজত থকা সমৰ্পিত প্ৰয়াস আৰু পাৰস্পৰিক সমন্বয়ৰে প্ৰতিফলন। “ইট ৰাইট ষ্টেচন” প্ৰমাণপত্ৰ এফএছএছএআইৰ এক ধ্বজাবাহী “ইট ৰাইট ইণ্ডিয়া” পদক্ষেপৰ এক অংশ, যি দেশজুৰি সুৰক্ষিত, স্বাস্থ্যসন্মত আৰু বহনক্ষম খাদ্য অভ্যাস প্ৰসাৰিত কৰাৰ লক্ষ্যৰে প্ৰদান কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ নেটৱৰ্কত যাত্ৰী সুবিধা উন্নত কৰাৰ লগতে উচ্চমানসম্পন্ন, সুৰক্ষিত আৰু স্বাস্থ্যসন্মত খাদ্যৰ উপলব্ধতা নিশ্চিত কৰাৰ দিশত সদায় প্ৰতিশ্ৰুতিবদ্ধ।
