বাক্সা, সংবাদ ৩৬৫, ১৩ মে’ : ট্ৰেক্টৰ চলাই, হাতত কোৰ লৈ কৃষি কৰ্মত ব্যস্ত সাংসদ নৱ শৰনীয়া। বাক্সা জিলাৰ বৰমাত নৱ শৰনীয়াৰ হুংকাৰ, বিটিচিত চলি থকা দুৰ্নীতি বন্ধ কৰাৰ লগতে বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষনত জালত পৰিব বহু নেতা। বিটিচিত ৰাজ্যপালে সাংবিধানিক ব্যৱস্থা লৈছে।

দেশজুৰি কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে তৃতীয় পৰ্যায়ৰ লোক ডাউন অব্যাহত থকাৰ মাজতে কোকৰাঝাৰৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই বিভিন্ন সময়ত জনসাধাৰণৰ খা-খবৰ লোৱাৰ উপপৰিও ব্যস্ত হৈ পৰিছে কৃষি কাৰ্যত। সাংসদ নৱ শৰনীয়াই বৰমাত থকা তেওঁৰ চাৰি বিঘা ভূমিত বিভিন্ন ধৰনৰ খেতি কৰি অতিবাহিত কৰিছে লক ডাউনৰ সময়। সাংসদ গৰাকীয়ে নিজেই ট্ৰেক্টৰ চলাই, কোৰেৰে মাটি কাটি কৃষি কাৰ্যত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। ইপিনে বিটিচিত প্ৰধান মন্ত্ৰী কৃষক নিধি আঁচনিৰ দুৰ্নীতি, জব কাৰ্ড দুৰ্নীতি আদি সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়াই হুংকাৰ দি অতি শীঘ্ৰেই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে বিষয়া কৰ্মচাৰীক। অন্যথা কম দিনৰ ভিতৰতে সাংসদ গৰাকী আইনৰ কাষ চাপিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই।

ইয়াৰ সমান্তৰালে বিটিচৰ ক্ষেত্ৰত ৰাজ্যপালে সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰি মহামান্য উচ্চতম ন্যায়ালয়ে ইয়াৰ সুবিচাৰ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে সাংসদ গৰাকীয়ে।