আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৯ অক্টোবৰ

চলিত বছৰৰ কেন্দ্ৰীয় বাজেটত ভাৰত চৰকাৰে অসমকে ধৰি দেশৰ পাঁচ ৰাজ্যৰ পাঁচখন ঠাই আইকণিক ছাইটৰূপে ঘোষণা কৰি প্ৰতিটো ঠাইতে একোটাকৈ উন্নত মানদণ্ডৰ মিউজিয়াম স্থাপনৰ ঘোষণা কৰিছিল। উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, গুজৰাট, হাৰিয়ানা আৰু অসমৰ পাঁচ প্ৰান্তত শ শ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লোৱা এই মিউজিয়ামৰ বাবে অসমৰ শিৱসাগৰ জিলাক নিৰ্বাচিত কৰা হৈছে।

ছশ বছৰীয়া আহোম ৰাজত্বৰ কেন্দ্ৰ তথা বহু ঐতিহাসিক সমলেৰে সমৃদ্ধ শিৱসাগৰৰ ৰুদ্ৰসাগৰৰ ৰূপহী পথাৰত উক্ত মিউজিয়াম নিৰ্মাণৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ ৰাজহ বিভাগে ১৫ বিঘা মাটি নিৰ্বাচন কৰি বৃহস্পতিবাৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কেন্দ্ৰীয় পূৰাতত্ব বিভাগক হস্তান্তৰ কৰে।পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, কেন্দ্ৰীয় পূৰাতত্ব বিভাগ, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ আদিৰ যুটীয়া পৰিকল্পনাত এই মিউজিয়ামৰ নিৰ্মাণ আৰম্ভ হ’ব। ভূমি হস্তান্তৰ এই উল্লেখযোগ্য কৰ্মৰ প্ৰাৰম্ভিক পদক্ষেপ। আহোম ৰাজত্বৰ লগতে অসমৰ প্ৰত্নতাত্বিক সমল সমূহৰ সংৰক্ষণ আৰু গৱেষণা তথা কলা-সংস্কৃতিৰ সংবৰ্ধনৰ দিশত এই মিউজিয়াম ৰাজ্যখনৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰৰূপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। উক্ত মিউজিয়ামৰ বাবে ভূমি লাভৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত নিৰ্মাণ পৰিকল্পনা অচিৰে আৰম্ভ কৰা হ’ব বুলি কেন্দ্ৰীয় পূৰাতত্ব বিভাগৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে।

ভূমি হস্তান্তৰ অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ ওপৰিও ৰাজ্যিক মন্ত্ৰী যোগেন মহন, জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈ, কেন্দ্ৰীয় পূৰাতত্ব বিভাগৰ উপ সঞ্চালক নৱজিৎ দেউৰী, শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া ভাস্কৰ ৰাজবংশী, সমাজ সেৱিকা সুৰভী ৰাজকুঁৱৰীকে আদি কৰি কেইবাগৰাকী লোক বিশিষ্ট লোক উপস্থিত থাকে।