বকো, সংবাদ ৩৬৫, ১৫ অক্টোবৰ: স্বৰ্ণকন্যা হিমা দাসৰ পাছত এইবাৰ ক্ৰীড়া জগতলৈ অন্য এক সুখবৰ কঢ়িয়াই আনিলে শৰীৰ চৰ্চাৰ বাবে ভাৰতৰ হৈ মিষ্টাৰ ৱৰ্ল্ড খেলিবলৈ দক্ষিণ কামৰূপৰ বকোৰ গোলাপ ৰাভাই মনোনীত হৈছে। শৰীৰ চৰ্চাৰ মিষ্টাৰ ৱৰ্ল্ড খেলিবলৈ বকোৰ গোলাপ ৰাভাই বৃহস্পতিবাৰে ইউৰোপলৈ যাত্ৰা কৰিব। ইউৰোপৰ লিথুৱানিয়াত শৰীৰ চৰ্চাৰ মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতা ১৯ পৰা ২৩ অক্টোবৰলৈ অনুষ্ঠিত হব বুলি বকোত এখন সংবাদ মেলত জানিবলৈ দিয়ে শৰীৰৰ চৰ্চাবিদ গোলাপ ৰাভাই। ইয়াৰোপৰি অহা ২১ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ থাইলেণ্ডৰ পাটায়া চহৰত অনুষ্ঠিত হবলগীয়া মিষ্টাৰ ইউনিভাৰ্চ প্ৰতিযোগিতাতো ভাগ লব বুলি সংবাদ মেলত প্ৰকাশ কৰে ৰাভাই। ইয়াৰ পূৰ্বে গোলাপ ৰাভাই মিষ্টাৰ ইণ্ডিয়া ২০১৭ আৰু ২০১৮ আৰু মিষ্টাৰ এছিয়া ২০১৮ খিতাপ অৰ্জন কঢিয়াই আনিছিল। এইবাৰ বকোৰ গোলাপ ৰাভাই মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতালৈ যাত্ৰা কৰাৰ পূৰ্বেই অসম তথা ভাৰতবাসীৰ আৰ্শীবাদ বিচাৰিছে, যাতে দেশৰ পতাকাৰ সন্মান ৰক্ষা কৰিব পাৰে।
![](https://sangbad365.com/wp-content/uploads/2018/10/IMG-20181015-WA0001.jpg)